জাজৰিঃ এতিয়াৰ মহিলা পিছ পৰি থকা থকা নাই৷ পুৰুষৰ সমানে সমানে কপালৰ ঘাম পেলাই নিজে কিবা কাৰৰ চেষ্টাত অহৰহ ব্ৰতী হৈ থাকে৷ ঠিকা কৰা, কোনো বিভাগৰ উচ্চ পদস্থ বিষয়াৰ দায়িত্ব লোৱা, উদ্যোগ চলোৱা, কোম্পানী চলোৱা আদি কাম বৰ্তমানৰ মহিলাই কৰি অহা পৰিলক্ষিত হৈছে৷

আমাৰ দেশৰ মহিলাই এতিয়া যুদ্ধ বিমান অকলে চলোৱাৰ লগতে ক্ৰীড়া, প্ৰযুক্তি, কৃষি ক্ষেত্ৰত আগবাঢ়ি গৈছে৷ বিভিন্ন ক্ষেত্ৰত মহিলাক আগুৱাই নিয়াৰ চেষ্টা কৰাৰ লগতে গ্ৰাম্য এলেকাৰ মহিলাক চৰকাৰে উপযুক্ত সা-সুবিধা প্ৰদান কৰি গ্ৰাম্য অৰ্থনীতি টনকীয়াল কৰাত সহায় কৰিব পাৰে৷

গ্ৰাম্য এলেকাৰ মহিলাক চৰকাৰে উপযুক্ত সা-সুবিধা প্ৰদান কৰি গ্ৰাম্য অৰ্থনীতি টনকীয়াল হ’ব সেয়া ন-কৈ কোৱাৰ প্ৰয়োজন নাই৷ ৰাজ্যখনৰ মহিলাক আৰ্থিক ভাৱে সুৰক্ষিত কৰিবলৈ চৰকাৰে বিশেষকৈ কৃষি ক্ষেত্ৰত জড়িত মহিলাসকলক ঋণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ 

একাংশ মহিলাই কৃষি ক্ষেত্ৰত জৰিত হৈ স্বাৱলম্বী হ’ব খোজে৷ কিন্তু আৰ্থিক সমস্যাত ভুগি বহু মহিলাই আধাতে এৰিব লগা হয় কৃষিৰ কাম৷ তাৰ মাজতে নগাঁও জিলাৰ বিধায়িকা আঙুৰলতা ডেকাৰ ৮৪নং বটদ্ৰৱা বিধানসভা সমষ্টিৰ একাংশ মহিলাই খেতি কৰি স্বাৱলম্বী হ’বৰ বাব চেষ্টা চলাই গৈছে৷ নগাঁও জিলাৰ জাজৰিৰ কাকমাৰি গাঁও পঞ্চায়তৰ অনুসূচিত জাতিৰ লোকৰ বসতিপ্ৰধান বগৰিগুৰি নামৰ গাঁও খনৰ লোকসকলে দিনহাজিৰা, মাছমৰা, কাপোৰ বোঁৱা-কটা আদি কামৰ সৈতে জড়িত৷

বেছি খিনি লোকেই দৰিদ্ৰ যদিও তেওলোকে কপালৰ ঘাম মাটিত পেলাই উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়ে৷ বছৰটোৰ বেছি সময় গাঁও খনৰ লোকসকল গ্ৰাম্য জীৱনৰ প্ৰধান জীৱন ধাৰণৰ উৎস খেতি-বাতিত সততে ব্যস্ত হৈ থাকে। পুৰুষসকলে খেতিৰ কামত ব্যস্ত হৈ থকাৰ লগতে মহিলাসকলেও ঘৰত সোমাই নাথাকি খেতিৰ কামৰ সৈতে জড়িত হৈ পৰিছে৷ বগৰিগুৰি গাঁৱৰ মহিলা সকলে স্ব-নিৰ্ভৰশীল হ’বৰ বাবে আত্ম সহায়ক গোট গঠন কৰি পুৰুষৰ সমানে সমানে খেতি কৰা আৰম্ভ কৰে৷

নতুন কৃষি বিপ্লৱৰ সূচনা কৰি গাঁও খনৰ মহিলাসকলে পথাৰত সময় পাৰ কৰি আৰ্থিক ভেটি মজবুত কৰিবৰ বাবে চেষ্টা চলাই গৈছে। ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকা অভিযানৰ অধিনত দলংঘাট উন্নয়ন খণ্ডত ১০গৰাকীকৈ মহিলাই একো একোটা আত্ম সহায়ক গোট গঠন কৰি স্বাৱলম্বী হৈছে বুলি জানিবলৈ দিয়ে৷ উন্নয়ন খণ্ডটোৰ কাকমাৰি গাঁও পঞ্চায়তৰ তৃষ্ণা গ্ৰাম্য সংগঠনৰ অন্তৰ্গত উদয়ন, পঞ্চৰত্ন, ৰূপশিখা আৰু মনালিচা আত্ম সহায়ক গোটৰ মহিলাই এক গোট হৈ ৰবি শস্যৰ খেতি কৰে। নগাঁও জিলা কৃষি বিভাগৰ জৰিয়তে সৰিয়হ, মটৰমাহ আৰু মচুৰমাহৰ খেতি কৰি লাভৱান হোৱা বুলি জানিবলৈ দিয়ে৷ চৰকাৰে উপযুক্ত সহায় কৰিলে ভৱিষ্যতে এনেদৰেই খেতি কৰি যাম বুলি কয় মহিলাসকলে৷