ৱাশ্বিংটনঃ ভাৰতৰ সৈতে প্ৰত্যক্ষ যুদ্ধ নহ’লেও ‘শুল্কযুদ্ধ’ত নামি পৰিছে শক্তিধৰ আমেৰিকা। যিজন ড’নাল্ড ট্ৰাম্পৰ বাবে এদিন আমেৰিকালৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, সেই একেজন ট্ৰাম্পেই দ্বিতীয়বাৰৰ বাবে ক্ষমতাসীন হোৱাৰ পিছত বাৰে বাৰে ৰঙাচকু দেখুৱাইছে নতুন দিল্লীক।
মাত্ৰ দুদিন পূৰ্বে ভাৰতৰ ওপৰত ২৫ শতাংশ ৰপ্তানি শুল্ক আৰোপ কৰিছিল ড’নাল্ড ট্ৰাম্পে। আজি অৰ্থাৎ ৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব আমেৰিকাৰ এই শুল্ক নীতি। কিন্তু এই শুল্ক নীতি কাৰ্যকৰী হোৱাৰ মাত্ৰ এটা দিন পূৰ্বে ভাৰতক ‘জৰিমনা’ বিহি আকৌ ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিলে মাৰ্কিন প্ৰশাসনে। ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কৰ বাবে অসন্তুষ্টি ব্যক্ত কৰি এই ‘জৰিমনা’ বিহাৰ কথাৰ পূৰ্বেই ঘোষণা কৰিছিল মোদীৰ ঘনিষ্ঠ বন্ধু ট্ৰাম্পে। এতিয়া সেই ঘোষণা বাস্তৱলৈ সলনি কৰাৰ পিছতে ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰা ৰপ্তানি শুল্কৰ পৰিমাণ বৃদ্ধি পাইছে ৫০ শতাংশলৈ।
বুধবাৰে এই সন্দৰ্ভত কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে ট্ৰাম্পে। উল্লেখ্য যে এই নতুন শুল্ক নীতি কাৰ্যকৰী হ’ব ২৭ আগষ্টৰ পৰা। মন কৰিবলগীয়া যে পূৰ্বে ঘোষণা কৰা ২৫ শতাংশ শুল্ক অহা ৭ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাৰ কথা। বুধবাৰে আৰোপ কৰা অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰু ২১ দিনৰ পিছত কাৰ্যকৰী হ’ব। ফলত এতিয়া ব্ৰাজিল আৰু অন্যান্য দেশৰ সৈতে আমেৰিকাৰ পৰা সৰ্বাধিক শুল্ক লাভ কৰা দেশৰ তালিকাত অন্তৰ্ভুক্ত হ’ল ভাৰতো।
ইফালে ট্ৰাম্পে কয় যে ৰাছিয়াৰ সৈতে বাণিজ্যৰ বাবেই ভাৰতৰ বিৰুদ্ধে এই কঠোৰ পদক্ষেপ লোৱা হৈছে। উল্লেখ্য যে ২০২২ চনত ইউক্ৰেইন আক্ৰমণৰ পিছত আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বই ৰাছিয়াৰ ওপৰত একাধিক বাধা আৰোপ কৰিছিল। সেই সময়ত যেতিয়া ৰাছিয়াই সস্তাতে তেল বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া ভাৰতে নিজৰ জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ পৰা তেল ক্ৰয়ৰ পৰিমাণ কেইবাবাৰো বৃদ্ধি কৰিছিল। মন কৰিবলগীয়া যে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰক দেশ আৰু নতুন দিল্লীয়ে বৰ্তমান ৩৫ শতাংশ তেল ৰাছিয়াৰ পৰা আমদানি কৰে।
পূৰ্বে ট্ৰাম্পে অভিযোগ কৰিছিল যে ভাৰতে ৰাছিয়াৰ পৰা কম দামত তেল ক্ৰয় কৰি সেই তেল মুকলি বজাৰত বিক্ৰী কৰে। আৰু তাৰ পৰা লাভ কৰা ধনেৰে ইউক্ৰেইনত হত্যা কৰে নিষ্পাপ শিশুক। এনে কাৰণতে ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰো ভাবুকি প্ৰদান কৰিছিল। অৱশ্যে নতুন দিল্লীয়ে ট্ৰাম্পৰ এই অভিযোগ আৰু ভাবুকি খণ্ডন কৰি আহিছে। এই বিষয়ত ভাৰতৰ স্থিতি আৰম্ভণিৰে পৰা স্পষ্ট আছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ভাৰতে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্যৰ ওপৰত ভিত্তি কৰি নিজৰ বাণিজ্য নীতি নিৰ্ধাৰণ কৰে। অৰ্থাৎ বজাৰৰ মূল্যক গুৰুত্ব দিয়া হয়। ভাৰতে এইটোও স্পষ্ট কৰি দিছে যে ৰাছিয়াৰ পৰা সস্তা তেল ক্ৰয় কৰিলে ঘৰুৱা বজাৰত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাত সহায় হৈছে, যিটো ভাৰতীয় অৰ্থনীতিৰ বাবে উপকাৰী।
ইয়াৰ বিপৰীতে, ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলে দাবী কৰে যে ৰাছিয়াৰ সৈতে বাণিজ্য একমাত্ৰ কাৰণ নহয়। আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত ভাৰতে লাহে লাহে অগ্ৰগতি লাভ কৰাত ট্ৰাম্প বিচলিত আৰু হতাশ। আমেৰিকাই আন দেশৰ ওপৰতো শুল্ক আৰোপ কৰিছে, য’ত পাকিস্তানৰ ওপৰত ১৯ শতাংশ আৰু বাংলাদেশৰ ওপৰত ২০ শতাংশ শুল্ক আৰোপ কৰিছে।
আমেৰিকাই ভাৰতক বাৰে বাৰে লক্ষ্য কৰি লোৱাৰ প্ৰতিক্ৰিয়াস্বৰূপে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে আমেৰিকাই পাৰমাণৱিক উদ্যোগৰ বাবে অপৰিহাৰ্য ইউৰেনিয়াম হেক্সাফ্ল’ৰাইড, পেলেডিয়াম, সাৰ আৰু ৰাসায়নিক সামগ্ৰীও ৰাছিয়াৰ পৰা ক্ৰয় কৰে। ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতো এই আমদানি অব্যাহত আছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত আমেৰিকাৰ এই সিদ্ধান্তক ‘অন্যায়’, ‘অযুক্তিকৰ’ আৰু ‘অপ্ৰয়োজনীয়’ বুলি অভিহিত কৰে। একে সময়তে ভাৰতে নিজৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে। অন্যহাতে, ভাৰতৰ ওপৰত এই শুল্ক আৰোপক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাহুল গান্ধীয়ে। তেওঁ কয় যে ট্ৰাম্পৰ ৫০ শতাংশ শুল্ক অৰ্থনৈতিক ব্লেকমেইল। এয়া ভাৰতৰ ওপৰত অন্যায় বাণিজ্যিক চুক্তি জাপি দিয়াৰ প্ৰয়াস। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবাসীৰ স্বাৰ্থতকৈ নিজৰ দুৰ্বলতাক অগ্ৰাধিকাৰ দিব নালাগে।
