বিজেপি মুৰ্দাবাদ ধ্বনিৰে উত্তাল কাকপথাৰ, ৭০ সংগঠনৰ উদ্যোগত জোঁৰ সমদল
কাকপাথাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল
কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্র ৰাজ্যতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি জাতীধংসী এই বিধেয়কখনৰ তীব্ৰ সমালোচনাৰে কাকপথাৰত ৭০ টা সংগঠনে এক বৃহৎ জোঁৰ সমদলৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে।
নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ( ২০১৬)ৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব বিচৰা কাৰ্যৰ বাবে প্ৰতিবাদকাৰীসকলে বি জে পি চৰকাৰৰ কাম নাই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে কাকপাথাৰৰ আকাশ-বতাহ কঁপাঁই তোলে। পঞ্চায়ত নিৰ্বাচনলৈ মাজত কেইঘন্টামান বাকী থকাৰ সময়তে বিজেপি চৰকাৰৰ বিৰুদ্ধে হোৱা কাৰ্যসুচীয়ে বিজেপিৰ ভেটিত নিশ্চয় খলকনিৰ সৃষ্টি কৰিব ৷
উল্লেখযোগ্য যে, নাগৰিকত্ব বিধেয়ক ২০১৬ আইন খনৰ বিৰুদ্ধে ৭০ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধ ভাবে সংগ্ৰাম কৰি অহাৰ লগতে বিজেপিক ভোট নিদিবলৈ মুকলিকৈ আহ্বান জনাইছে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল নকৰিলে অনাগত দিনত ইয়াতকৈয়ো অধিক জংগী আন্দোলনৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে ৷
তোলন গোহাঁই