লিডুঃ ‘‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’’ ৰ বাতিলৰ বিৰুদ্ধে শেহতীয়াকৈ ৭০টা সংগঠনে একত্ৰিত হৈ লোৱা ‘সংকল্প শিখা যাত্ৰা’ ৰ প্ৰতিবাদ ৰাজ্যৰ ভিন্ন প্ৰান্তৰলৈ সম্প্ৰসাৰিত হোৱা পৰিলক্ষিত হৈছে ৷
আজি মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ ৰাষ্ট্ৰীয় ঘাই পথত ৭০টা সংগঠনৰ আহবান মৰ্মে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক প্ৰতিবাদকাৰীয়ে বাহিৰ কৰে এক বৃহৎ জোৰ সমদল । বিধেয়ক খন বাতিলৰ দাবীত সংগঠন দুটাই যৌথ প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক, বিজেপি মুৰ্দাবাদ আদি ধ্বনি দি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে।