ডিব্ৰুগড়ঃ ভাৰতৰ ছাত্ৰ ফেডাৰেচন, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন আৰু বিপ্লৱী যুৱ সন্থাৰ উদ্যোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি চাবুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰে। 

অসমৰ সৰ্বস্তৰৰ জনগণে এই জাতিধ্বংসী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি অহাৰ পিছতো বিজেপি নেতৃত্বাধীন চৰকাৰখনে জাতিটোক ধ্বংস  গৰাহলৈ ঠেলি দিছে। যোৱা ৩১ ডিচেম্বৰ ২০১৮ তাৰিখে যুটীয়া সংসদীয় কমিতিয়ে চৰকাৰৰ এই অসংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতাৰ বিৰোধী বিধেয়কখনৰ অনুমোদন জনাইছে আৰু অহা ৭ জানুৱাৰীত তেওঁলোকৰ প্ৰতিবেদন লোকসভাত দাখিল কৰিব। 

ইতিমধ্যে ৰাজ্যজুৰি ইয়াৰ প্ৰবল প্ৰতিবাদ হৈছে। আজি সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় পৰা নিজ বাসগৃহ অভিমুখে গৈ থকাৰ সময়তে প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে চাবুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হাতত জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।