newsnextone.com | কলিয়াবৰঃ বৃহস্পতিবাৰে নগাঁও জিলাৰ কলিয়াবৰত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই বান ক্ষতিগ্ৰস্তৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰে। কেইবাশতাধিক লোকৰ উপস্থিতিত কলিয়াবৰৰ কুৱৰীটোলস্থিত মুক্তিযুঁজাৰু স্মৃতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক ভাৱে চেক সমূহ বিতৰণ কৰে। 
মন্ত্ৰীগৰাকীয়ে ৰাজ্যচৰকাৰে যিমান পাৰে সিমানে বান পীড়িতক সহায় কৰিছে বুলি কয়। যিসকল লোকে সাহায্য লাভৰ পৰা বাদ পৰিছে সেই সকলক লোকক পুনৰ সাহায্যৰ দিয়াৰ বাবে ব্যৱস্থা কৰিব বুলি কয়।  

২০১৭ৰ ১২ আগষ্টত কলিয়াবৰৰ হাতীমুৰা মথাউৰি ভাঙি সৃষ্টি হোৱা মহাপ্ৰলয়ত ক্ষতি গ্ৰস্ত লোকক এবছৰ মূৰকত ক্ষতিপূৰণ দিয়ে চৰকাৰে। কলিয়াবৰবাসীক বৃহস্পতিবাৰে ৮ কোটি ৮৬ লাখ ৭২ হাজাৰ ১০০ টকা বান ক্ষতিপূৰণ বিতৰণ কৰি ৪৯৪৮টা পৰিয়ালৰ মাজত। আনহাতে একাংশ লোকে সকলো হেৰুওৱাৰ পিছতো ক্ষতিপূৰণ নোপোৱাৰ লগতে ক্ষতি নোহোৱা লোকে ক্ষতিপূৰণ পোৱাৰ অভিযোগ উত্থাপন কৰে। 

উল্লেখ্য যে, ২০১৭ চনৰ ১২ আগষ্টৰ নিশা মহা প্ৰলয়ৰ সৃষ্টি হৈছিল কলিয়াবৰত৷ কলিয়াবৰৰ বৰঘোপ পাহাৰৰ পৰা হাতীমুৰালৈকে মথাউৰি ছিঙি নিয়াৰ ফলত ভয়ংকৰ বিপদত পৰিছিল কলিয়াবৰবাসী। নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলৰ ৰাইজে ভয়ংকৰ বানপানীৰ কবলত পৰাৰ স্মৃতি আজিও পাহৰিব পৰা নাই৷ 

নগাঁও জিলাক কলঙৰ বাঢ়নী পানীৰ পৰা ৰক্ষা কৰি অহা হাতীমুৰা মথাউৰি ২০১৭ চনৰ ১২ আগষ্টৰ নিশা প্ৰায় ২ বজাত ছিঙি গৈছিল৷ তাৰ পিছতে ৰনচণ্ডী ৰূপ ধাৰণ কৰিছিল কলঙে৷ কলঙে মানুহৰ ঘৰ-বৰ বুৰাই পেলাইছিল। পকী দলং কলঙৰ বুকুত জাহ গৈছিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত থকাৰ ফলত আহ-যাহ বন্ধ হৈ পৰিছিল৷ 

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত চৰম দুৰ্যোগ নামি আহিছিল। ১২ আগষ্টৰ নিশা মথাউৰিটো ছিঙি নিয়াৰ পিছত ১৩ আগষ্টৰ পুৱাই মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো মথাউৰি পুনৰ মেৰামতি কৰাৰ কৈ ৰাইজক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল।