newsnextone.com | কাজিৰঙাঃ মঙলবাৰে নিশাৰে পৰা হাহাকাৰ লাগিছে গোলাঘাট জিলাৰ কাজিৰঙা-বোকাখাত এলেকাত৷ নিশাৰে পৰা কাৰ্বি পাহাৰত বৰষুণ দি থকাৰ ফলত এটা ধল নামি আহি বোকাখাত-কাজিৰঙাৰ বিভিন্ন অঞ্চলত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে। পুৱাৰে পৰা হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন পথ ডুবাই পেৱলায়৷ বিভিন্ন অনুষ্ঠান, হোটেল,  আদি প্লাৱিত কৰাত ৰাইজৰ আলাই-আথানিৰ সীমা নোহোৱা হয়৷

বোকাখাতৰ লতাবাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু পৰ্যন্ত পানী হোৱাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে। উজনি-নামনিৰ যোগাযোগাৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথটো বানে বুৰাই পেলোৱাত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পূৱ আৰু পশ্চিম দিশে হাজাৰ-হাজাৰ যানবাহন আৱদ্ধ হৈ পৰাত যাত্ৰী সকলৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ 

বহু যাত্ৰীয়ে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি গাড়ীৰ পৰা নামি খোজকাঢ়ি ৰাজপথৰ পানী ফালি অগ্ৰসৰ হয় লক্ষ্যস্থানলৈ। আনহাতে, বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ শতাধিক গাঁও কাৰ্বি পাহাৰৰ নামি অহা ধলে জলমগ্ন কৰে। হঠাতে অহা বানত তলকিবই নোৱাৰা গাঁওবাসীয়ে নিজৰ মৰমৰ ঘৰখনৰ পৰা বস্তুবাহানি উদ্ধাৰ কৰিবলৈ সক্ষম নহল। 

ফলত নিজৰ ঘৰৰ বয়-বস্তুৰ লগতে গৰু, ছাগলী, হাঁহ-কুকুৰা আদি এই বানত উটি যায়৷ বোকাখাতৰ ডিফলু চাহ-বাগিচাৰ ডিফলু নৈৰ ওপৰত অৱস্থিত বৃটিছৰ দিনতেই নিৰ্মিত ওলোমা দলঙখনো বানত যথেষ্ট ক্ষতিগ্ৰস্ত হয়৷ দলঙখনৰ দুয়োটা অংশ বানে উটুৱাই নিয়াৰ ফলত এতিয়া দলঙখনৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে৷ স্থানীয় ৰাইজে বৃটিছৰ দিনত নিৰ্মিত দলংখন ৰক্ষা কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায়৷ 

আনহাতে, বোকাখাতৰ লগতে কাজিৰঙা অঞ্চলৰ শ-শ লোক বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হয়। ঘৰৰ মূধচ পৰ্যন্ত পানীয়ে বুৰাই পেলোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় অঞ্চলবোৰত৷ SDRF বাহিনীয়ে মাত্ৰ চাৰিখন নাৱেৰে উদ্ধাৰ অভিযান চলাই যদিও বহু লোক এতিয়াও বানত নিজ ঘৰত আৱদ্ধ হৈ আছে৷ ইপিনে, বোকাখাতৰ ৰাজপথত বানত আৱদ্ধ হৈ পৰে মন্ত্ৰী নৱ দলে৷

যোৰহাটলৈ যাহলৈ অহা মন্ত্ৰীগৰাকী প্ৰায় আধা ঘণ্টা সময় আৱদ্ধ হৈ থকাৰ পিছত প্ৰকৃতিক চেলেঞ্জ কৰি অতি বিপদজনক ভাৱে পানীৰ প্ৰবল সোঁতৰ মাজেৰে তেওঁৰ কনভয়টো আগুৱাই যাবলৈ সক্ষম হয়৷ ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে এই বানৰ সকলো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মাননীয় মুখ্যমন্ত্ৰী গৰাকীক এই বিষয়ে অৱগত কৰি বানপানী প্ৰতিৰোধৰ বাবে অনুৰোধ জনাব বুলি মন্ত্ৰীগৰাকীয়ে কয়৷

 আনহাতে, বোকাখাতৰ ৰাজপথত পানী বাগৰি থকাৰ ফলত শ-শ ৰোগী আৱদ্ধ হৈ পৰে৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰাত চিকিৎসালয়লৈ যাব নোৱাৰাত বহু ৰোগীৰ অৱস্থা অতিশয় সংকটজনক হৈ পৰে৷ কাজিৰঙা, বোকাখাত আৰু কাৰ্বি পাহাৰত বৰষুণ দি থকাৰ ফলত বান পৰিস্থিতি বৰ্তমানেওঁ অপৰিবৰ্তিত অৱস্থাত৷