ঠিকাদাৰক ধৰোতা কোনো নাই, কাৰ্বি পাহাৰত শিশুৱে নৈ পাৰ হৈ স্কুলত যোৱাৰ ভয়াবহ ছবি

 | by NNO Correspondent  |  0
Printer-friendly version

newsnextone.com | খেৰণিঃ নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলঙ জিলাত কেইবাখনো নৈৰ পানী বাঢ়ি অহা পৰিলক্ষিত হৈছে৷ বহু অঞ্চলত বাট-পথত পানী উঠাত সাধাৰণ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে৷

ডংকামোকাম-খেৰণিৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰা বুলি খবৰ আহিছে৷ নৈৰ পানীয়ে নৈৰ বুকুত নিৰ্মাণ কৰা অস্থায়ী পথ উটুৱাই নিয়াৰ লগতে বুৰাই পেলায় ডংকামোকাম-খেৰণি গড়কাপ্তানী পথ। কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টিৰ খেৰণি-ডংকামোকাম গড়কাপ্তানী পথৰ তেলেহৰ নৈৰ পথ উটুৱাই নিয়াৰ ফলত হাহাকাৰ পৰিস্থিতি হৈছে৷ 

ব্যস্ততাপূৰ্ণ গড়কাপ্তানীৰ অস্থায়ী পথ উটুৱাই নিয়াত ৰাইজৰ মাজত হাহাকাৰ লাগে৷ পকীদলং নিৰ্মাণ কৰি আছে যদিও দুৰ্বলকৈ অস্থায়ী পথ নিৰ্মাণ কৰাত নৈৰ পানী বাঢ়ি অহাৰ লগে লগে পথটো উটুৱাই নিয়ে৷ শিশু, কিশোৰ-কিশোৰীয়ে, চাৰিডাল বাঁহ পাৰি দিয়া সাঁকোৰে পাৰ হ’ব লগা হৈছে৷ মৰণক-শৰণ কৰি কণ কণ শিশুৱে এতিয়া বিপদসংকুল ভাৱে স্কুললৈ আহ-যাহ কৰিব লগা হৈছে৷  

পশ্চিম কাৰ্বি আংলং জিলা সদৰ হামৰেনত গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰি থকা চাৰিখন পকী দলং যোৱা ৪ বছৰে নিৰ্মাণ সমাপ্ত কৰিব নোৱাৰাৰ ফলত সাধাৰণ ৰাইজে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷ ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ লগতে নিম্নমানৰ সামগ্ৰীৰে দলং সমূহ নিৰ্মাণ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে৷ দুদিন ধৰি জিলাখনত হোৱা নেৰানেপেৰা বৰষুণত উপ-পথ সমূহৰ ওপৰেৰে পানী বাগৰি যাতায়ত বন্ধ হৈ পৰিছে। 

কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টিৰ অন্তৰ্গত খেৰণি-ডংকামোকাম গড়কাপ্তানী পথৰ টেলেহত দেখিবলৈ পোৱা গৈছে। মঙলবাৰৰ পৰা ডংকামোকাম-খেৰণিৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। সম্প্ৰতি বানত বুৰ গৈছে উক্ত গড়কাপ্তানী পথটো। বিপদ সংকুল অৱস্থাত তেলেহৰত অস্থায়ী সাঁকো সাজি পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰীৰ আহ-যাহ কৰা পৰিলক্ষিত হৈছে। বিগত ৫-৬ বছৰে ঠিকাদাৰে পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ ফলতেই ৰাইজে হাহাকাৰ কৰিব লগা হৈছে। জিলাখনত কংগ্ৰেছ-বিজেপিয়ে শাসন কৰি আহিছে যদিও উন্নয়ন আৰু বিকাশৰ ছবি দেখিবলৈ পোৱা নাযায়৷