কাৰ্বি আংলংঃ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত গড়কপ্তানী বিভাগৰ ফোপোলা স্বৰূপ উদঙাই দিলে বোকাজান মহকুমাৰ অন্তৰ্গত ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেৱল ৪.৫ কিলোমিটাৰ নিলগৰ আপাৰ দেওপানী নদীৰ ওপৰত অৱস্থিত এখন দলঙে ৷

উল্লেখ্য যে ১৯৮৬ চনতে আঁসোৱাহপূৰ্ণভাৱে নিৰ্মাণ কৰা দলংখনৰ বহু বছৰ পূৰ্বে ভগ্নপ্ৰায় অৱস্থা হোৱাত গড়কাপ্তানী বিভাগ তথা স্থানীয় জনপ্ৰতিনিধি কোনোৱে দলংখন মেৰামতি অথবা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো বাস্তৱ পদক্ষেপ লোৱা পৰিলক্ষিত নহ'ল ৷

বিগত বৰ্ষত মেৰামতিৰ নামত কেৱল কেইটামান শিল চটিয়াই বিভাগটোৱে দায়িত্ব সামৰে বুলি স্থানীয় ৰাইজে ক্ষোভেৰে কয় ৷ পৰিণতিত এইবাৰ বাৰিষাত দলংখনৰ এটা মূৰ নদীৰ বাঢ়নী পানীত চিঙি গৈছে। ফলত অঞ্চলটোৰ প্ৰায় ৩০ খন গাঁৱৰ ১২ হাজাৰ লোকৰ লগতে এখন উচ্চ মাধ্যমিক বিদ্যালয়, এখন মধ্য ইংৰাজী বিদ্যালয় আৰু আঠখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়তত জীয়াতু ভূগিব লগীয়া হৈছে ৷

স্থানীয় জনপ্ৰতিনিধি প্ৰাক্তন পৰিষদীয় সদস্য তথা কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰক দলংখনৰ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ বাবে অঞ্চলটোৰ ৰাইজে বহু আবেদন নিবেদন কৰিছিল যদিও তেওঁ ৰাইজৰ অনুৰোধৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি অঞ্চলবাসীয়ে জানিবলৈ দিছে ৷ গতিকে সমাগত পৰিষদীয় নিৰ্বাচনত প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ ৰাইজে কঁকালত টঙালি বান্ধিছে৷