গোৱালপাৰাঃ ফেনে ফুটুকাৰে বাঢ়িছে বুঢ়া লুইত৷ কাৰোবাৰ বাবে বাৰিষাৰ বুঢ়া লুইত আশীৰ্বাদ আন কাৰোবাৰ বাবে অভিশাপ৷ কোনোৱে ব্ৰহ্মপুত্ৰৰ পানীৰে খেতি কৰি পৰিয়াল পোহপাল দিয়ে আন কোনোৱে ব্ৰহ্মপুত্ৰৰ বুকুত মাছ ধৰি পৰিয়াল পোহপাল দিয়ে৷
ব্ৰহ্মপুত্ৰ তথা বুঢ়া লুইত অসমীয়াৰ কৃষ্টি-সংকৃষ্টি, ঐতিহ্যৰ চিন স্বৰূপ৷ কিন্তু বৰঘৰৰ অৱহেলাৰ বাবে ব্ৰহ্মপুত্ৰ এতিয়া কাৰোবাৰ বাবে অভিশাপ হৈ পৰিছে৷ ব্ৰহ্মপুত্ৰৰ বুকু খনন নকৰাৰ ফলতে হয়তো প্ৰতিবছৰে আৰম্ভ হৈছে প্ৰৱল গৰাখহনীয়াৰ৷ আন আন প্ৰন্তৰ লগতে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গোৱালপাৰাত৷
খহনীয়াই চহৰখনলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি৷ গোৱালপাৰা চহৰৰ ভাটিপাৰা নতুনবস্তীৰ ১৩ নং ৱাৰ্ডৰ পাঁচ শতাধিক পৰিয়াল এতিয়া আতংকিত হৈ পৰিছে খহনীয়াৰ ফলত৷ এসপ্তাহ ধৰি বুঢ়া লুইতে কালৰূপ ধাৰণ কৰাত আৰম্ভ হৈছে গৰাখহনীয়াৰ৷
এফালৰ পৰা খহাই নিছে কৃষি ভুমি মানুহৰ ঘৰ-বাৰি ৷ আতংকিত ৰাইছে পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ, পৌৰপতি তথা জলসম্পদ বিভাগক অৱগত কৰোৱাৰ পিছতো গ্ৰহন কৰা নাই কোনো ব্যৱস্থা৷ সম্প্ৰতি ভয়ংকৰ গৰাখহনীয়াই চহৰখনলৈ তীব্ৰ ভাবুকি কৰিয়াই আনিছে৷ শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ কৰাৰ লগতে খহনীয়াত ক্ষতিগ্ৰস্তক সাহাৰ্য্য প্ৰদান কৰাৰ বাবে নৱ নিযুক্ত জিলা উপায়ুক্তক দাবী জনাইছে ৰাইজে৷