NEWSNEXTONE.COM | পূৱ বৰপেটাঃ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত বৰপেটা জিলাৰ নগাঁও শিক্ষা মন্দিৰ হাইস্কুল খেলপথাৰত পূব বৰপেটা ভিত্তিত প্ৰথম বাৰ্ষিক দিৱা-নৈশ বেডমিণ্টন প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। 

অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ১২ টা দলে অংশগ্ৰহণ কৰা খেলখনৰ চূড়ান্ত খেলখনত ৰাজা ৰচিদ আৰু মমিৰ আলীয়ে মিন্টু পাঠক আৰু অলকেশ বায়নৰ দলক পৰাস্ত কৰি জয় লাভ কৰে। বিজয়ী আৰু বিজেতা দলক ক্ৰমে ট্ৰফীসহ ৩,০০১ টকা আৰু ২,০০১ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰে। 

সাংবাদিক পুলেন্দ্ৰ দাস আৰু আজিজুল হকে উদ্বোধন কৰা খেলখনত উপস্থিত থাকে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক চলেমান হুছেইন আৰু নগাঁও আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক, চেঙা, ভেল্লা আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলৰ লগতে ভালেসংখ্যক স্থানীয় লোক।