চৰাইদেউঃ অসম ফুটবল সন্থাৰ সৌজন্যত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ১২ ছেপ্তেম্বৰৰ পৰা চৰাইদেউ জিলাৰ সদৰ সোণাৰি, মাইবেলা আৰু মৰাণত অনুষ্ঠিত হৈ থকা দহ সংখ্যক ১৩ বছৰ অনুৰ্ধ্ব সদৌ অসম আন্তঃজিলা সুজিত নাৰ্জাৰী ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি ডিব্ৰুগড়ৰ দলটোৱে চূড়ান্ত বিজয়ী দলৰ সন্মান লাভ কৰে৷

ডিব্ৰুগড় দলৰ হৈ খেলৰ প্ৰথম ষোল্ল মিনিটত ৰাহুল গগৈয়ে বিজয়সূচক গ'লটো দিয়ে৷ ক্ৰীড়া পেঞ্চনাৰ বিনন্দ মহন আৰু অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্তই খেলুৱৈসকলৰ লগত চিনাকি হোৱাৰ পাছতে অনুষ্ঠিত খেলখনত পৰিচালক ৰূপজ্যোতি মহনক পৰিচালনাত সহায় কৰে অনিল শইকীয়া, পৰিমল বুঢ়াগোহাঁই আৰু কপিল চেতিয়াই৷

প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৰণিকাখন উন্মোচন কৰে চৰাইদেউ জিলাৰ নিৰ্বাচনী বিষয়া আবুল কালাম আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মাণিক গগৈয়ে৷

আনহাতে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ডিব্ৰুগড় দলৰ গ'লকিপাৰ ৰক্তিম বৰুৱাই৷