ডিজিটেল ডেস্কঃ ২৫ বছৰীয়া এগৰাকী মহিলাই কেৰেলা উচ্চ ন্যায়ালয়ত নিজৰ বিবাহ বিচ্ছেদৰ বাবে দৰ্খাস্ত আপিল কৰে৷ মহিলা গৰাকীয়ে যৌন শোষনৰ আৰোপ লগাই এই দৰ্খাস্ত আপিল কৰে৷ দৰ্খাস্ত খনত লিখা অনুসৰি ৰেকৰ্ড কৰি থোৱা ভিডিঅ ৰ জৰিয়তে তাইক ব্লেকমেইল কৰি যৌন সম্বন্ধৰ বাবে বাধ্য কৰোৱা হৈছিল৷
পীড়িতাই কয় যে, তাইক জোৰকৈ ধৰ্ম পৰিৱৰ্তন কৰি মুছলিম ধৰ্মলৈ নিয়া হৈছে৷ লগতে তাইক যৌন দাসী হিচাপে বনাই ডুবাইলৈ লৈ যোৱা হৈছিল৷ পীড়িতা মহিলাই দৰ্খাস্ত খনৰ জৰিয়তে নিজৰ স্বামীৰ ওপৰত আৰোপ লগাই কয় যে, আৰব পোৱাৰ পিছতেই সি তাৰ আচল ৰূপ দেখুৱাবলৈ ধৰে৷
তাইৰ স্বামীয়ে তাইক যৌন দাসী হ’বৰ বাবে প্ৰায়ে শাৰীৰিক আৰু মানষিক অত্যাচাৰ চলাইছিল৷ চিৰিয়া লৈ যোৱাৰো অন্য এক পৰিকল্পনা তৈয়াৰ কৰিছিল সি৷ আইএচআইএচৰ সন্ত্ৰাসবাদী সকলৰ হাতত বিক্ৰী কৰাৰো অভিসন্ধি বনাইছিল৷
পীড়িতাই কয় যে, অক্টোবৰৰ প্ৰথম সপ্তাহতেই তাইকলৈ চিৰিয়া যোৱাৰ যোজনা বনাই আছিল তাইৰ স্বামীয়ে৷ কিন্তু ৩ অক্টোবৰ ২০১৭ ত তাই নিজৰ মাক দেউতাক এই বিষয়ে খবৰ দি তাইক ৰক্ষা কৰাৰ কথা কয়৷ সেই মৰ্মেই তাইৰ মাক দেউতাকে ৪ অক্টোবৰত হোৱাটছ এপৰ জৰিয়তে তাইলৈ বিমানৰ টিকেট পঠিয়াই দিছিল আৰু ৫ অক্টেবৰত তাই তাৰ পৰা পলাই আহি আহমেদাবাদ পাইছিল৷
উল্লেখ্য যে, পিড়ীতা মহিলা মালায়ালাম পৰিয়াল এটিত জন্ম হোৱা আৰু গুজৰাটত ডাঙৰ দীঘল হোৱা৷ বাংগালেৰত এখন ব্যক্তিগত সংস্থাত অধ্যয়ন কৰি থাকোতে তাতেই লগ পাইছিল সেই ব্যক্তি জনক৷