Home বিশ্বপ্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ মৃত্যু

প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ মৃত্যু

by News Desk
109 views
A+A-
Reset

ডিজিটেল ডেক্সঃ সমাপ্ত হ’ল আমেৰিকান ইতিহাসৰ এক গুৰুত্বপুৰ্ণ অধ্যায়। মৃত্যু হ’ল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ।মৃত্যুৰ সময়ত তেখেতৰ বয়স ৯৪ বছৰ আছিল।স্থানীয় সময় অনুসৰি শুক্ৰবাৰে ৰাতিপুৱা ৩ বজাত তেখেতে শেষ নিঃশ্বাস ত্যাগ কৰে।
আমেৰিকাৰ ৪১তম ৰাষ্ট্ৰপতি আছিল জৰ্জ হাৰবাৰ্ট ৱাকাৰ বুশ্ব।প্ৰয়াত বুশ্ব ১৯৮৯ চনৰ পৰা ১৯৯৩চনলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল।কূটনীতিবিদসকলৰ মতে তেখেতৰ পুত্ৰ জৰ্জ বুশ্বেও পিতৃৰ পদাংক অনুসৰণ কৰিয়েই দেশ পৰিচালনা কৰিছিল।কেৱল আমেৰিকাতেই নহয় সমগ্ৰ বিশ্বৰ ইতিহাসতেই জৰ্জ হাৰবাৰ্ট ৱাকাৰ বুশ্বে গভীৰ খাঁচ বহুৱাই থৈ গৈছে।শীতল যুদ্ধৰ সময়ত তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা নোহোৱা কৰি তেঁওৰ আমোলতেই ছোভিয়েত ইউনিয়নৰ পতন হৈছিল।
 
জৰ্জ হাৰবাৰ্ট ৱাকাৰ বুশ্ব এজন অতি বিচক্ষন ৰাজনীতিবিদ আছিল যদিও বিশ্বৰ একাংশৰ মনত কিন্তু তেখেত এজন যুদ্ধবাজ ৰক্তপিপাষু শাসক।এইগৰাকী বুশ্বৰ শাসনকালতেই টিয়ানমেন স্কোৱাৰৰ গনহত্যা সংঘটিত হৈছিল।ৰঙাচীনৰ সেনাৰ গুলীত কেইবাশৰো ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল।বেইজিঙৰ ৰাজপথ তেজেৰে ৰাঙলী হৈ পৰিছিল গনতন্ত্ৰৰ দাৱীত প্ৰতিবাদ কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ ৰক্তেৰে।তথাপিও ৰঙাচীনৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰ পদক্ষেপ নল’লে তেতিয়াৰ বুশ্ব প্ৰশাসনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0