newsnextone.com | ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী হলে কোনো আপত্তি নাই জেডিএছ মুৰব্বী প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচডি দেৱগৌড়াৰ। এটি সাক্ষাতকাৰত এই কথা স্পষ্ট কৰে দেৱগৌড়াই। তেওঁ কয় যে মমতাক যদি প্ৰধানমন্ত্ৰীৰ চেহেৰা কৰা হয় তেন্তে ভাল হ’ব। ইন্দিৰা গন্ধীয়ে ১৭ বছৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। সকলো সময়তে আমিয়েই (পুৰুষ) প্ৰধানমন্ত্ৰী হ’ব লাগিব? মমতা বা মায়াৱতী প্ৰধানমন্ত্ৰী হ’ব পাৰে। পূৰ্বে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ইংগিত দিছিল ২০১৯ চনত মমতাক প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে চাব বিচাৰো বুলি।
২০১৯ চনৰ লোকসভা নিৰ্বাচনত দেশৰ বিৰোধী দলক একত্ৰিত কৰাত মমতাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। কিছুদিন পূৰ্বে কংগ্ৰেছৰ একাংশ নেতাই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে যদিও একাংশ বিৰোধী দলৰ নেতাৰ আপত্তি আছে বুলি প্ৰচাৰ হৈছে। ইয়াৰ অন্যতম হৈছে চন্দ্ৰ বাবু নাইডু।