newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰীত এটা পথৰ আধাৰশিলা স্থাপন কৰে বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম’মিনে৷ বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফুলবাৰীত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফুলবাৰী-চিনথং টেৰণলৈ ২ কিলোমিটাৰ পথৰ আধাৰশিলা স্থাপন কৰে কৰি বিধায়ক ডা০ নোমল ম’মিন বোকাজানৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সর্বাংগীন উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত পূৰ্বৰ চৰকাৰতকৈ বিজেপি চৰকাৰ এখোজ হলেও আগবাঢ়ি থকা বুলি কয়৷ 

সাংসদ বীৰেণ ছিং ইংতি, বোকাজানৰ প্ৰাক্তন বিধায়ক ক্লেংডুন ইংতি তথা কংগ্ৰেছ দলৰ চৰকাৰে সমষ্টিটোৰ লগতে জিলাখনৰ উন্নতিৰ ক্ষেত্ৰত কাম কৰাৰ বিপৰীতে কেৱল শুই থাকিয়ে সময় পাৰ কৰিলে বুলি কংগ্ৰেছ দলক বিধায়কগৰাকীয়ে তীব্ৰ সমালোচনা কৰে৷ নাম প্ৰকাশ নকৰাকৈ বোকাজানৰ এজন প্ৰাক্তন বিধায়কে দাবী-ধমকি দি সুৰা ব্যৱসায়ীৰ পৰা টকা লৈ ৩ কোটি টকাৰ ঘৰ সাজিছে বুলিও অভিযোগ উত্থাপন কৰে৷ 

বিগত ৬০ বছৰত কোনো কামেই নকৰিলে, গতিকে আজি কিছুদিন আগতে কেৱল মাত্ৰ ২ বছৰ সম্পূৰ্ণ কৰা ৰাজ্য চৰকাৰখনে কম সময়ৰ ভিতৰতে সৰ্বসাধাৰণ ৰাইজৰ সমস্যাসমূহ কিছু পৰিমাণে হলেও সমাধান কৰিব পাৰিছে বুলি কোৱাৰ লগতে বিগত নিৰ্বাচনত বিজেপিয়ে প্ৰদান কৰা প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি গৈছে বুলিও বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷ 

আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো কম্প্ৰমাইজ নকৰে বুলি কোৱাৰ লগতে যদি কৰবাত দুৰ্নীতি হৈছে তেন্তে প্ৰমাণ সহ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে বিধায়কগৰাকীক জনাবলৈ উপস্থিত ৰাইজলৈ আহ্বান জনায়৷ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰু দোষীয়ে শাস্তি ভোগ কৰিব লাগিব বুলি  মন্তব্য আগবঢ়াই বিধায়কগৰাকীয়ে৷ উল্লেখ্য যে, ষ্টেট ঔন প্ৰায়ৰইটি ডিপাৰ্টমেণ্টৰ এছ অ পি ডি আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰা ফুলবাৰী অঞ্চলৰ পথটো ১ কোটি ২০ লাখ টকাৰ বিনিময়ত ব্লক পেভমেণ্টেৰে সম্পূর্ণ কৰি তোলা হ’ব বুলিও বিধায়ক ডাঃ নোমল ম'মিনে উল্লেখ কৰে৷

আধাৰশিলা স্থাপন অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধ্যুৰ্য ঢেকিয়াল ফুকন, দেওপানী পৰিষদীয় সমষ্টিৰ সদস্য মুকুট মহন্ত, নিলীপ পৰিষদীয় সমষ্টিৰ সদস্য প্ৰবিত্ৰ ৰংপি, গড়কপ্তানী বিভাগৰ বৰপথাৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা অজিত দাসৰ লগতে কেইবাগৰাকীও বিভাগীয় উচ্চ পদস্থ বিষয়া, ভালেসংখ্যক বিজেপি নেতা, অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে৷