newsnextone.com | বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজান চহৰৰ প্ৰায় প্ৰায় ৩ ঘণ্টাৰ পথ অতিক্ৰম কৰিলে পোৱা যায় দুৰ্গম চৌকিহোলা। দুৰ্গম চৌকিহোলা হৈছে পাহাৰীয়া এলেকা৷ ইয়াতে বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল আধাৰশিলা স্থাপন কাৰ্যসূচী। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে সময় মতে উপস্থিত হয় আধাৰশিলা স্থাপন কৰিবৰ বাবে। 

কিন্তু বিবুদ্ধিত পৰিল তুলিৰাম। সভাত সন্মুখৰ অংশৰ চকী সমূহত মানুহ আছে যদিও পিছফালৰ শ-শ চকী উদং বহিবলৈ নাই মানুহ। প্ৰকৃততে সভাত নাছিল মানুহ৷ মানুহ সমবেত কৰিব নোৱাৰিলে বিজেপিৰ পৰিষদীয় সদস্য তথা আন আন নেতাই৷ 

প্ৰথমে তুলিৰামে তেনেকৈয়ে আধাৰশিলা স্থাপন কৰিলে৷ পিছত আৰম্ভ হ’ল মুকলি সভা৷ নিলিপ পৰিষদীয় সমষ্টিৰ চৌকিহোলাত অনুষ্ঠিত হৈছিল এই সভা৷ সেই সময় চলি আছিল চৌকিহোলা উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান৷ কোনো কথাৰ ভ্ৰুক্ষেপ নকৰাকৈয়ে ৰজা আহিছে বাবেই মাইকত গান বাজি আছিল৷

তাৰ মাজতে চৌকিহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকল ওলাই আহিল শ্ৰেণীকোঠাৰ পৰা৷ চকী সমূহ পূৰণ কৰিলে স্কুলৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে৷ গীত গাবলৈ দিয়া হ’ল শিল্পীক যাতে মানুহ সমবেত হয়৷ বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ বোকাজানৰ চৌকিহোলাত বিদ্যালয় চলি থকাৰ অৱস্থাতে অনুষ্ঠিত হৈছিল কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন অনুষ্ঠান৷

কিন্তু সভালৈ নাহিল মানুহ৷ যাৰ ফলত স্কুলৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে চকী সমূহ পূৰণ কৰিলে৷ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে আধাৰশিলা স্থাপন কৰে৷ শিক্ষাৰ পৰিবেশ বিনষ্ট কৰি বিদ্যালয়খনৰ পাঠদান চলি থকাৰ সময়তে খেল পথাৰত অনুষ্ঠিত সভাত শিল্পীয়ে গীত পৰিবেশন কৰি, ছাত্ৰ-ছাত্ৰীক মাতি আনি খালি চকী পুৰাবলৈ চেষ্টা কৰা হৈছিল৷

ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে৷ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সভাৰ পেণ্ডেললৈ দৌৰ মাৰি মাৰি আহিছে বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত ছাত্ৰ-ছাত্ৰী৷ সমানে মঞ্চত গীত পৰিবেশন কৰি আছিল শিল্পীৰ দলে৷ আধাৰশিলা স্থাপনৰ নামত শিক্ষাৰ পৰিবেশ বিনষ্ট কৰি বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তে খেল পথাৰত অনুষ্ঠিত সভাত শিল্পীক গীত পৰিবেশন কৰিব দি খালি চকী পুৰাবলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ওলাই অহা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত নিলিপ পৰিষদীয় সমষ্টিৰ চৌকিহোলাত বৃহস্পতিবাৰে কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ অনুষ্ঠানৰ উদ্যোগ লৈছিল নিলিপ পৰিষদীয় সমষ্টিৰ সদস্য পবিত্ৰ ৰংপিয়ে৷ তুলিৰাম ৰংহাৰ লগতে সভাত উপস্থিত থকাৰ কথা আছিল পাহাৰৰ মন্ত্ৰী চুম ৰংহাং আৰু বোকাজনৰ বিধায়ক ডা০ নোমল ম'মিন৷ কিন্তু দুয়োজনেই সভাত উপস্থিত নাথাকিল৷ সভাখনত মন্ত্ৰী,  মুখ্য কাৰ্যবাহী সদস্য আৰু বিধায়কৰ আগত যাতে মানুহ নোহোৱাৰ বাবে লাজত পৰিব লগা নহয় তাৰবাবে চল আৰু বলৰ প্ৰয়োগ কৰি শিল্পী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সভালৈ  আনি ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷