চাংসাৰিঃ লকডাউনৰ সময়ত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত ব্ৰক্ষ্মপুত্ৰত মাছ মাৰি থকা অৱস্থাত আজি ৫ জনকৈ ধুবুৰীৰ মাছমৰীয়াক ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰাৰ পিছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি লকডাউন উলংঘা কৰি হাত নাৱেৰে উজাই আহি উত্তৰ গুৱাহাটী আনন্দ নগৰত বাহৰ পতাৰ পিছত আজি চাৰি দিনৰ অন্তত উত্তৰ গুৱাহাটীত উপস্থিত হৈ ব্ৰহ্মপুত্ৰত মাছ মাৰিছিল এই ৫ মাছমৰীয়াই।
উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰবাসী ৰাইজে অৰেঞ্জ জ'ন ধুবুৰীৰ পৰা অহা মাছমৰীয়াকেইজনৰ উপস্থিতি আৰু মাছ মৰাৰ খবৰ পোৱাৰ পিছতে আতংকিত হৈ পৰে। ইয়াৰ পিছতে উত্তৰ গুৱাহাটী আৰক্ষীয়েও ঘটনাৰ খবৰ পাই দণ্ডাধীশৰ সহিতে ঘটনাস্থলীত উপস্থিত হৈ ৫ মাছমৰীয়াক লৈ আৰম্ভ কৰিছে তদন্ত।
জানিব পৰা মতে যাদৱ হালদাৰ আৰু জগত ভৰালী নামৰ মহলদাৰে মইমতালিৰে লকডাউন নামানি, বৰলুইতত মাছ মৰাৰ বাবে আনিছিল এই ৫ মাছমৰীয়াক। কিন্তু স্থানীয় লোকৰ সন্দেহ ক্ৰমে আৰক্ষীক খবৰ দিয়াত ধৰা পৰে এই মাছমৰীয়াকেইজন। উল্লেখ্য যে কিছুদিন পূৰ্বে লকডাউন নমনা যাদৱ হালদাৰৰ মাছমৰীয়াৰ নাও ধুমুহাত বুৰ গৈছিল। আৰক্ষীয়ে সতৰ্ক কৰি দিছিল মহলদাৰ হালদাৰক। কিন্ত আৰক্ষী প্ৰশাসনক বৃদ্ধ অংগুস্থ প্ৰদৰ্শনেৰে যাদব হালদাৰে সেয়া অব্যাহত ৰাখে।
এতিয়া প্ৰশ্ন হয় এইজন মহলদাৰৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে? ধুবুৰীৰ ৫ মাছমৰীয়াক কৰা হ’ব নে কোৱাৰেণ্টাইন? এই মাছমৰীয়াৰ সংস্পৰ্শলৈ কোন কোন আহিছিল তালিকা প্ৰস্তুত কৰিবনে প্ৰশাসনে। আজি এই ৫ মাছমৰীয়াক আটক কৰাৰ পিছতে ৰাইজৰ মাজত এনে একাধিক প্ৰশ্নৰ উদয় হোৱাৰ লগতে স্বাস্থ্যক লৈ যথেষ্ট শংকিত হৈ পৰিছে। শংকিত ৰাইজে প্ৰশাসনক বিষয়টো সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।