ডিজিটেলঃ সন্ত্ৰাসবাদী আৰু ইছলামিক সংগঠনক সমৰ্থন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি চাৰিখনকৈ ৰাষ্ট্ৰই কাটাৰৰ সৈতে কূটনৈতিক সম্পৰ্ক ছেদ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। 

এচচিয়েটেড প্ৰেছত প্ৰকাশিত বাতৰি মতে বাহৰেইন, ছৌডি আৰৱ, ইজিপ্ট, ইউএইয়ে সোমবাৰে এই সিদ্ধান্তলৈ আহে। 

ৰাজ্যিক নিউজ ৱেবচাইট এটাৰপৰা মে মাহত কাটাৰে ইৰাণ আৰু ইজৰাইলৰ বিষয়ে কৰা বিদ্বেষমূলক মন্তব্যৰ পিছতে বিষয়টোৱে চুবুৰীয়া দেশকেইখনৰ মাজত চৰ্চাৰ বিষয় হৈ পৰে।

লগে লগে চুবুৰীয়া দেশকেইখনে আল জাজিৰাকে ধৰি কাটাৰৰ নিউজ এজেঞ্চীৰ বিৰুদ্ধে একপ্ৰকাৰে অৱৰোধ সৃষ্টি কৰে।

এনেদৰে চাৰিখনকৈ দেশে কূটনৈতিক সম্পৰ্ক ছেদ কৰাৰ ফলত ২০২২ চনৰ বিশ্ব কাপ ফুটবল অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰা দেশ কাটাৰৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব বুলি ভবাৰ থল আছে।