ডিজিটেল ডেস্কঃ ফান্সৰ ৰাজনৈতিক ইতিহাস সৃষ্টি কৰি ৩৯ বৰ্ষীয় ইমানুৱেল মেক্ৰোন নিৰ্বাচিত হৈছে ৰাষ্ট্ৰপতি হিচাপে। ৰবিবাৰে হোৱা ভোটদানত ৬৫.৫% ভোট লাভ কৰা ইমানুৱেলে লী পেনক হৰুৱাই ফ্ৰান্সৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে।

ইয়াৰ লগে লগে ফ্ৰান্সৰ দীঘলীয়া ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হোৱা বুলি উল্লসিত হৈ পৰা ইমানুৱেলে ঘোষণা কৰে। জনতাৰ এই ৰায়দান আশাব্যঞ্জক হওক বুলি ইচ্ছা প্ৰকাশ কৰে ইমানুৱেলে।

উল্লেখ্য যে ফ্ৰান্সৰ এই নিৰ্বাচনত ১১ জন প্ৰতিদ্বন্দীয়ে প্ৰতিদ্বন্দীতা আগবঢ়াইছিল। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত শীৰ্ষ স্থান দখল কৰিছিল ইমানুৱেল আৰু লী পেনে। তাৎপৰ্যৰ কথা যে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ কিছু মুহূৰ্ত পিছতেই লী পেনৰ পিতৃ জ্যাঁ মেৰী লী পেনে কৈছিল যে তেঁওৰ কন্যা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হোৱাৰ যোগ্য নহয়।

উল্লেখ্য যে ফ্ৰান্সৰ কোনো প্ৰমুখ ৰাজনৈতিক দলে এই নিৰ্বাচনত ভাগ লোৱা নাছিল। আনকি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত ফ্ৰান্সৱা অলাণ্ডে নিৰ্বাচনৰ আগমূহুৰ্তত প্ৰাৰ্থীত্ব আগনবঢ়োৱাৰ সিদ্ধান্ত লৈছিল। তেঁওৰ দলৰ হৈ প্ৰতিদ্বন্দীতা আগবঢ়োৱা প্ৰাৰ্থীজন প্ৰথমটো পৰ্য্যায়তে বাহিৰ হৈছিল। 

উল্লেখ্য যে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মেক্ৰোন এজন বেংকাৰ আছিল। প্ৰথমবাৰৰ বাবে ৰাজনীতিত নমা মেক্ৰোনৰ সফলতাত সমৰ্থকসকল উৎফুল্লিত হৈ পৰিছে। ২০১২ চনত তেঁওক অলান্দৰ জেষ্ঠ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া গৈছিল।

তাৰপিছতে ২০১৪ চনত তেঁওক বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হয়। ২০১৬ বৰ্ষৰ নবেম্বৰ মাহত ৰাষ্ট্ৰপতি পদৰ বাবে মেক্ৰোনৰ নাম ৰাজহুৱা হয়। উল্লেখ্য যে মেক্ৰোনৰ প্ৰতি আমেৰিকৰা প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাৰো সমৰ্থন আছিল।