গুৱাহাটীঃ এইবাৰ ভুৱা ক'ল চেণ্টাৰৰ বিৰুদ্ধে মহানগৰীত চলিছে চিআইডিৰ অভিযান৷ আপুনি কেতিয়াবা এই সমস্যাত পৰিছে নেকি? যদি পৰিছে তেন্তে এতিয়াৰপৰা সাৱধান হওঁক৷ সাধাৰণ ৰাইজক আমনি কৰি ভুৱা ক’লচেন্টাৰৰপৰা  চিআইডিয়ে অভিযানত সোধ-পোছৰ বাবে প্ৰায় ২৫ গৰাকীৰ যুৱক-যুৱতীক আটক কৰিছে৷

সোমবাৰে নিশা মহানগৰীৰ কেইবাঠাইতো চিআইডিয়ে চলাইছিল এই অভিযান৷ এই অভিযান চলোৱা কল চেণ্টাৰ সমূহে বিভিন্ন সময়ত গ্ৰাহকক বেংকৰ একাউন্ট নম্বৰ, এটিএম নম্বৰ বিচৰাৰ অভিযোগ আছিল।

উল্লেখ্য যে, আটক কৰা যুৱক-যুৱতীসকলক সোধা-পোছাৰ বাবেহে আটক কৰা হৈছে। যুৱক যুৱতী সকলৰ তথ্য ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত কল চেণ্টাৰ সমূহৰ স্বত্বাধিকাৰীসকলক আটক হোৱাৰ সম্ভাৱনা আছে। এই অভিযানত আৰক্ষীয়ে কিমান সফল হ’ব পাৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব৷