গোলাঘাটঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট শাখা আৰু মৰঙি উপ শাখাৰ উদ্যোগত আৰু বকিয়াল প্ৰাথমিক গোটৰ সহযোগত, বকিয়াল বাগান আৰু ছফেলা বাগানৰ কভিড চেণ্টাৰত বিনামূলীয়া মাক্স,চেনিটাইজাৰ,বিস্কুট আদি বিতৰণ কৰা হয় ৷

এই বিনামূলীয়া মাক্স,চেনিটাইজাৰ,বিস্কুট আদি বিতৰণ কাৰ্য্যসূচীৰ লগতে ক'ভিড-১৯ বেমাৰৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব পাৰি তাৰ বিষয়েও আলোচনা কৰা হয়। আজি উক্ত আলোচনাত উপস্থিত থাকে আটছা গোলাঘাট শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী সুমিত দ্বীপ, মৰঙি উপ শাখাৰ সম্পাদক শ্ৰী আমিৰ তাঁতী, আৰু বকিয়াল প্ৰাথমিক গোটৰ বিষয়-ববীয়া সকল৷ লগতে বাগিচাৰ চাহ শ্ৰমিক সকলক বাগিছাতে টীকাকৰণ কৰা ব্যৱস্থা কৰিবৰ বাবে অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসন অনুৰোধ জনোৱা হয়।

অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট শাখা আৰু মৰঙি উপ শাখাৰ এই সমাজসেৱামুলক কাৰ্য্যৰ বাবে স্থানীয় ৰাইজে সন্তুষ্টি লাভ কৰিছে আৰু এই কাৰ্য্যসুচীতো ৰূপায়ন কৰিবলৈ অহা বিষয়-ববীয়া সকলক ধন্যবাদ জনাইছে৷

নিজা সংবাদ দাতা নুমলীগড়