ডিজিটেল ডেস্কঃ গোৰক্ষা, ৰাষ্ট্ৰীয়বাদ, হিন্দুত্ববাদৰ ধামখুমীয়াত মৰ্যদা হেৰাইছে নেকি সংবাদ মাধ্যমে? এই কথাৰেই প্ৰতিফলন ঘটিছে শেহতীয়াকৈ প্ৰকাশ কৰা এক সমীক্ষাত৷ ’ৰিপৰ্টছ উইদৱাউট বৰ্ডাৰ্ছ’ নামৰ এক অনলাইন এজেঞ্চিয়ে প্ৰকাশ কৰিছে এই উদ্বেগজনক তথ্য৷
  
সমগ্ৰ বিশ্বৰ ভিতৰতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত অৱনমিত হৈছে ভাৰতৰ স্থান৷ বিগত বৰ্ষত তালিকাত ভাৰতৰ স্থান ১৩৩ আছিল যদিও এইবাৰ ৩টা স্থান পিছুৱাই ভাৰতৰ স্থান হৈছে ১৩৬৷

সমীক্ষাত কোৱা হৈছে যে ভাৰতত বৃদ্ধি হৈছে সংবাদমাধ্যমৰ ওপৰত চেঞ্চৰশ্বিপ। মুলত ৰাষ্ট্ৰীয় পৰ্যায়ত হিন্দুত্ববাদী সকলে ’দেশদ্ৰোহ’ৰ সংঘাত বৃদ্ধি পোৱাৰ বাবেই সংবাদ মাধ্যমৰ ওপৰত বৃদ্ধি পাইছে চেঞ্চৰছীপৰ হেচা৷ 

উক্ত সমীক্ষাত কেতবোৰ উদ্বেগজনক তথ্যও পোহৰলৈ আহিছে৷ সমীক্ষাত কোৱা হৈছে যে চেঞ্চৰশ্বিপৰ বাবে আটাইতকৈ বেছি হাৰাশাস্তিৰ সন্মুখীন হৈছে সাংবাদিকসকল৷ আনকি বহুসময়ত অকথ্য গালি তথা শাৰিৰীক নিৰ্যাতনৰ সন্মুখীন হৈছে বহু সাংবাদিক৷ বহুসময়ত চৰকাৰক সমালোচনা কৰা সাংবাদিকসকলৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ গোচৰো তৰা হৈছে৷ তদুপৰি দেশৰ ভিতৰতে কাশ্মীৰত সংবাদ পৰিৱেশনৰ বাবে সাংবাদিকসকলে প্ৰতিকুল পৰিস্থিতিৰ সন্মুখীন হৈছে৷  কাশ্মীৰত প্ৰায়ে সেনাৰ অত্যাচাৰৰ বলি হৈ আহিছে সাংবাদিকসকল৷

বিশ্বৰ ভিতৰতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত প্ৰথম ৩ খন দেশ হৈছে নৰৱে, ছুইডেন আৰু ফিনলেণ্ড৷ আনহাতে এছিয়াৰ দেশসমুহৰ স্থান এই তালিকাত শোচনীয়৷ ভাৰতৰ চুবুৰীয়া ৰাজ্য বাংলাদেশৰ স্থান হৈছে ১৪৬৷ আনহাতে পাকিস্তানৰ স্থান ১৩৯ আৰু চীনৰ স্থান ১৭৬৷ আনহাতে এছিয়াৰ ভিতৰতে দুখীয়া দেশ বুলি জনাজাত ভুটানৰ স্থান ৮৪ আৰু নেপালৰ স্থান ১০০৷ আনহাতে আমেৰিকাৰ স্থান হৈছে ৪৩৷

এই তালিকা বিশ্বৰ বিভিন্ন সাংবাদিক আৰু সংবাদ মাধ্যমৰ ওপৰত হোৱা অত্যাচাৰ, চৰকাৰৰ পৰা অহা হেঁচা আৰু জেষ্ঠ সাংবাদিকসকলৰ মতামতৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল৷ আনহাতে বহু দেশে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলিও সমীক্ষাত প্ৰকাশ পাইছে৷