68
ডিজিটেল ডেস্কঃ হাঁহ-কুকুৰাক উমনিত বহা হয়তো দেখিছে। কিন্তু দেখিছেনে কোনোবা মানুহক কণী লৈ উমনিত বহা। তেনেই এক নোহোৱা-নোপোজা কাণ্ড ঘটিছে ফ্ৰান্সত।
শিল্পীৰ মন হেনো উৰি ফুৰে। কিন্তু এইজন শিল্পীৰ মন বহিল কণীত। দহোটা কণী লৈ কাঁচৰ ঘৰ এটাত পৰীক্ষামূলকভাৱে বহিল ফৰাছী শিল্পী আব্ৰাহাম পইনচেভেল।