শিৱসাগৰঃ শিৱসাগৰৰ ভাটিয়াপাৰ অঞ্চলৰ অ’এনজিচিৰ এটা তেল খাদৰ পৰা বিগত ছদিন অবিৰতভাৱে গেছ নিৰ্গত হোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ আতংক। এতিয়াও পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ থকাত বিষাক্ত গেছ আৰু দুৰ্গন্ধত ত্ৰস্ত হৈ পৰিছে স্থানীয় বাসিন্দা। ইতিমধ্যে ৭০ টাতকৈ অধিক পৰিয়ালে এৰিবলগীয়া হৈছে ঘৰ-বাৰী। এনে পৰিপ্ৰেক্ষিতত এতিয়া চৰকাৰ আৰু অ’এনজিচিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ, দল-সংগঠন আৰু বিৰোধী।
গেছ নিৰ্গমনৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড শব্দ আৰু অসহনীয় দুৰ্গন্ধই ইতিমধ্যে বাসিন্দাসকলৰ মাজত ভয়াৱহ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে। মঙলবাৰে নিশা বৰ্ণালী গগৈ, মিটিল দাস আৰু উমেশ বৰুৱা নামৰ তিনিজন লোকে বিষাক্ত গেছৰ সংস্পৰ্শলৈ আহি চেতনা হেৰুৱাই পেলায়। যাৰ ফলত তিনিওজনকে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰিবলগীয়া হয়। ইফালে, এই জটিল মুহূৰ্ততো অ’এনজিচিয়ে এম্বুলেন্স প্ৰেৰণ নকৰাৰ অভিযোগ তুলিছে শিৱসাগৰৰ স্থানীয় বিধায়ক অখিল গগৈয়ে।