newsnextone.com | নগাঁও/বটদ্ৰৱাঃ বিশ্ব এথলেটিকছত স্বৰ্ণপদক আজুৰি আনি এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা অসমৰ দৌৰৰ ৰাণী হিমা দাসৰ ঘৰলৈ প্ৰতি দিনে আগমন ঘটিছে বিভিন্ন লোকৰ৷ স্বৰ্ণ জয় কৰাৰ বাতৰি বিয়পি পৰাৰ দিনটোৰে পৰা প্ৰতিদিনেই পুৱাৰে পৰা বহু নিশালৈকে ৰাজনৈতিক নেতা, বিভিন্ন বেংকৰ বিষয়-ববীয়া, দল-সংগঠনৰ নেতা-কৰ্মীৰ পৰা সাধাৰণ জনতা, শুভাকাংক্ষীৰ আহ-যাহে হিমাৰ ঘৰত একপ্ৰকাৰে অব্যাহত আছে উদুলি-মুদুলি পৰিবেশৰ৷ 

সকলোৱে দেশৰ নাম বিশ্বৰ দৰবাৰত উজলাই তোলা হিমাৰ সফল পিতৃ-মাতৃক জনাই আহিছে শুভেচ্ছা আৰু অভিনন্দন৷ ইয়াৰ মাজতে সোমবাৰে বিয়লি হিমাৰ বাসগৃহত উপস্থিত হয় কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰব গগৈ৷ সাংসদগৰাকীয়ে গৌৰৱময় সফলতাৰ বাবে হিমাৰ পিতৃ-মাতৃক ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে৷ আনকি হিমাৰ সফলতাত উৎফুল্লিত হোৱা সাংসদগৰাকীয়ে লগত অনা মিঠাই হিমাৰ ঘৰত উপস্থিত থকা লোকসকলৰ লগতে পৰিয়ালৰ সকলোকে খুৱাই আনন্দ-স্ফুৰ্তি কৰি আত্মহাৰা হৈ পৰে আৰু প্ৰায় এক ঘণ্টাৰো অধিক সময় হাঁহি-ধেমালি কথা-বতৰা পাতি পাৰ কৰে৷ 

তদুপৰি সাংসদগৰাকী হিমাৰ লগত ভিডিঅ’ কনফাৰেন্সিঙেৰে যোগাযোগ স্থাপন কৰি খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে বহু সময় ধৰি বাৰ্তালাপ কৰে৷ বাৰ্তালাপৰ সময়ত সাংসদগৰাকীয়ে হিমাক কিদৰে সহায় কৰিলে আনন্দিত হ’ব বুলি সোধাত হিমাই তেওঁৰ জন্মভূমিৰ যিখন খেলপথাৰত খেলা-ধূলা কৰি আজিৰ অৱস্থা পালে সেই খেলপথাৰখন উঠি অহা যুৱক-যুৱতীসকলৰ বাবে উপযুক্তভাবে গঢ়ি তোলাৰ লগতে তেওঁৰ গাঁৱৰ ৰাজহুৱা নামঘৰৰ মনিকূটটো ৰাইজৰ সুবিধাৰ্থে ভালদৰে বনাই দিয়াৰ ব্যৱস্থা কৰিবলৈ সাংসদগৰাকীক অনুৰোধ জনায়৷ হিমাৰ অনুৰোধক হাঁহিমুখে গ্ৰহণ কৰি সোনকালে বাস্তবায়িত কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সাংসদ গৌৰব গগৈয়ে। এনেদৰে হাঁহি-স্ফূৰ্তিৰে কৰা বাৰ্তালাপৰ মাজতে হিমাই যুৱ সাংসদগৰাকীক প্ৰায়েই অনুসৰণ কৰি অহা বুলি হঠাতে ব্যক্ত কৰাত সাংসদগৰাকীক বেছ উৎসাহিত হৈ পৰা দেখা যায়৷ আনহাতে হিমাৰ ঘৰত মঙলবাৰে আহিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ জিলা খনত বিশেষ অনুষ্ঠানত অংশ লবলৈ অহাৰ সময়তে ধিঙলৈ আহি মুখ্যমন্ত্ৰীয়ে হিমাৰ পিতৃ-মাতৃক শুভেচ্ছা যাচিব৷