গৌৰীসাগৰঃ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা। কোনে ক’ত টিকট পাব তাক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক উৎকন্ঠাৰ।
যোৰহাট লোকসভা সমষ্টি এসময়ত কংগ্রেছৰ অভেদ্য দুৰ্গ আছিল। য’ৰপৰা বিগত বহু বছৰ ধৰি প্রয়াত বিজয়কৃষ্ণ সন্দিকৈয়ে প্ৰতিনিধিত্ব কৰি আহিছিল। কিন্তু দীৰ্ঘ দিনীয়া কংগ্ৰছৰ অৱসান ঘটাই বি জে পিৰ যুৱ নেতা কামাখ্যা প্রসাদ তাচাক যোৱা লোকসভা নিৰ্বাচনত যোৰহাট তথা শিৱসাগৰবসীয়ে বহু আশাৰে জয়যুক্ত কৰাইছিল। কিন্তু যি আশা কৰি কামাখ্যা তাচাক ৰাইজে আগবঢ়াই দিছিল সেই আশাত বিগত পাঁচ বছৰে চেঁচা পানী ঢলাহে পৰিলক্ষিত হ’ল।