তাচাক লৈ সন্তুষ্ট নহয় যোৰহাট সমষ্টিবাসী

গৌৰীসাগৰঃ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা। কোনে ক'ত টিকট পাব তাক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক উৎকন্ঠাৰ।

যোৰহাট লোকসভা সমষ্টি এসময়ত কংগ্রেছৰ অভেদ্য দুৰ্গ আছিল। য'ৰপৰা বিগত বহু বছৰ ধৰি প্রয়াত বিজয়কৃষ্ণ সন্দিকৈয়ে প্ৰতিনিধিত্ব কৰি আহিছিল। কিন্তু দীৰ্ঘ দিনীয়া কংগ্ৰছৰ অৱসান ঘটাই বি জে পিৰ যুৱ নেতা কামাখ্যা প্রসাদ তাচাক যোৱা লোকসভা নিৰ্বাচনত যোৰহাট তথা শিৱসাগৰবসীয়ে বহু আশাৰে জয়যুক্ত কৰাইছিল। কিন্তু যি আশা কৰি কামাখ্যা তাচাক ৰাইজে আগবঢ়াই দিছিল সেই আশাত বিগত পাঁচ বছৰে চেঁচা পানী ঢলাহে পৰিলক্ষিত হ'ল। 

সেয়েহে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচন হ'ব লক্ষণীয়। কাৰণ বিগত পাঁচ বছৰে কোনো বিশেষ কামৰে সমষ্টিৰ উন্নয়ণৰ হকে তাচাই কোনো উল্লেখযোগ্য কাম কৰিব নোৱাৰিলে। প্রায়ভাগ কাম আধাশিলাতেই সামৰণি মাৰিল। বিশেষকৈ কেন্দ্রত ক্ষমতা থকাৰ পাছতো দলৰ এজন সাংসদ হৈও কোনো এটা চকুত লগা কাম কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ ৰাইজ।

এইক্ষেত্রত এইবাৰ উচিত প্রত্যুত্তৰ দিবলৈ সাজু ভোটাৰ। তথৈবচ ৰাস্তা-ঘাটৰো কোনো উন্নয়ণ নহ’ল। সদনতো নিমাতী কইনা হৈ থকা সাংসদগৰাকীক লৈ এইবাৰ মুঠেও সন্তুষ্ট নহয় ৰাইজ। যোৰহাট লোকসভাৰ সমষ্টিত বি জে পিৰ চৰ্চিত প্রাৰ্থীসকলৰ তালিকাত ৰাজ্যিক স্বতন্ত্র দায়িত্বত থকা শক্তি মন্ত্রী তপন গগৈৰ নাম উচ্ছাৰিত হৈছে। তদুপৰি সমষ্টিটোত চৰ্চিত আন এজন প্রাৰ্থী হ'ল বি জে পিৰ OBC মৰ্চাৰ ৰাজ্যিক সভাপতি বিতোপন ৰাইদিহিংগীয়া।