চৌদিশে কেৱল মৃত্যুৰ কিৰিলি! দিনে-নিশাই বাৰুদৰ কাণতাল মৰা শব্দই বিভীষিকা নমায়। আকাশৰ পৰা সৰি পৰা মিছাইলে কেতিয়া কোন দিশৰ পৰা আহি সকলো ধ্বংসাৱশেষত বিলীন কৰে, তাৰো কোনো ঠিক নাই। মানুহবোৰ এই নিজ নিজ গৃহতেই বন্দী হৈ পৰিছে। হাস্পতালে হাস্পতালে আঘাতপ্ৰাপ্তৰ ভিৰ বাঢ়িছে, চিকিৎসাৰ বাবে ঔষধ নোহোৱা হৈ পৰিছে। গেলামাল দোকানবোৰতো অত্যাৱশ্যকীয় বহু সামগ্ৰী এতিয়া পাবলৈ টান। মানুহবোৰে অনবৰতে বুকুত এটা শংকা কঢ়িয়াই ফুৰিবলগীয়া হৈছে। এয়া মৃত্যুৰ শংকা, আপোনজনক হেৰুওৱাৰ শংকা!
গাজাৰ এই যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা পৰাৰ এতিয়া এটাই উপায়- জন্মভূমি এৰি পলায়ন। সকলোৱে যেন এতিয়া কেনেবাকৈ হ’লেও গাজা এৰিব বিচাৰে। সকলোৱে মৃত্যু আতংকৰ পৰা পৰিত্ৰাণ বিচাৰে। সেয়ে পৰিয়ালৰ সৈতে এটা গাজাবাসীয়ে ভিৰ কৰিছে গাজা-ইজিপ্ত সীমান্তত। চুবুৰীয়া ইজিপ্তত আশ্ৰয় বিচাৰি কাতৰ অনুৰোধ কৰিছে গাজাবাসীয়ে।