গুৱাহাটীঃ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’য় অসম গণ পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা। লোকসভা নিৰ্বাচন সম্পৰ্কীয় আলোচনাৰ বাবে পতা প্ৰায় চাৰি ঘন্টাজোৰা সভাখনতো নহ’ল লোকসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত কোনো সিদ্ধান্ত।
মিত্ৰতাৰ বিষয়টোত ঐকমত্যত উপনীত হ’ব নোৱাৰিলে আঞ্চলিক দলটো। ইয়াৰ বিপৰীতে নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰিবলৈ গঠন কৰা কমিতিৰ ওপৰতে মিত্ৰতাৰ বিষয়টো চালিজাৰি চোৱাৰ দায়িত্ব এৰিলে আজিৰ সভাই। এই কথা জানিবলৈ দিলে দলৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই।