গুৱাহাটীঃ ৰাজ্যৰ যক্ষ্মা ৰোগৰ ৰোগীৰ চিকিৎসাৰ বাবে ১৯৫৫ চনতে স্থাপন হৈছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ যক্ষ্মা চিকিৎসালয়খন। মহানগৰীৰ বিৰোবাৰী গোপীনাথ নগৰত অৱস্থিত চিকিৎসালয়খন বৰ্তমান সময়তো পৰিচিত অসমৰ একমাত্ৰ যক্ষ্মা চিকিৎসালয় হিচাপে। উল্লেখ্য যে, ৬০ খন বিচনাযুক্ত পুৰণি চিকিৎসালয়খনৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপিত হয় ৰোগীৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱৰ লগতে চিকিৎসালয়খনৰ আন্তঃগাঁঠনিৰ শোচনীয় অভিযোগ।
অসমৰ প্ৰথমগৰাকীৰ মুখ্যমন্ত্ৰীৰ নামত নামাংকৃত চিকিৎসালয়খনৰ বিৰুদ্ধে কিয় এনেধৰণৰ অভিযোগ প্ৰায় উথাপন হয় সেই কথা অৱগত কৰে যক্ষ্মা চিকিৎসালয়ৰ অধীক্ষক পঞ্চানন উজিৰে। তেওঁ কয় "চিকিৎসালয়খনত আজি তাৰিখত পৰ্যাপ্ত পৰিমানৰ কৰ্মচাৰীৰ অভাৱ। তাৰ ফলত তেওঁলোকে চেষ্টা কৰিও যক্ষ্মা ৰোগী সকলক সঠিক সময়ত সেৱা আগবঢ়াব পৰা নাই। বৰ্তমান সময়ত চিকিৎসালয়খনত ৪১ টা কৰ্মচাৰী পদ খালি হৈ আছে। তাৰে চতুৰ্থবৰ্গত ৩৪ টা, তৃতীয় বৰ্গৰ ৫ টা আৰু প্ৰথম বৰ্গৰ দুটা গুৰুত্বপূৰ্ণ পদ খালি হৈ আছে। লগতে কয় যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱৰ বাবে আজি চিকিৎসালয়খনৰ চৌহদ, প্ৰসাৱগাৰ, শৌচাগাৰ আৰু ৰোগীৰ কোঠা নিয়মিতভাৱে চাফা কৰিব পৰা হোৱা নায়।
ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান চিকিৎসালয়খনত মাত্ৰ তিনিগৰাকীৰ ৰান্ধনী আছে। যি চিকিৎসালয়খনৰ বাবে পৰ্যাপ্ত নহয়। ফলত বহু সময়ত চিকিৎসালয়খনৰ আন বৰ্গৰ কৰ্মচাৰী সকলেও ৰোগীৰ বাবে ৰন্ধা কামত জড়িত হ’ব লগীয়া হয়। উল্লেখ যোগ্য, যে বৰ্তমান ৬০ খন বিচনাযুক্ত চিকিৎসালয়খনত বৰ্তমান সময়ত ৱাৰ্ডবয় ১০ টা, চকীদাৰ ৬ টা, ছুইপাৰ ৮ টা, ধুবী ২ টা, পিয়ন ২ টা, ৰান্ধনী ৪ টা, ছিনিয়ৰ মেডিকেল এণ্ড হেলথ অফিচাৰ ২ টা পদ খালি হৈ আছে। মেডিকেলত এএনএম, ডাক ৰোম এটেনডেণ্টছ, হেলথ ভিজিটৰ, এল ডি এ, মালী, মেডিকেল টীম লিডাৰ আৰু ট্ৰিতমেণ্ট অৰ্গেনাইজাৰ এটাকৈ পদ খালি হৈ আছে।
এতিয়া প্ৰশ্ন হয় যিসময়ত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই কৰ্মৰ সংস্থাপনৰ বাবে বহি ৰাজ্যত গৈ মৃত্যু মুখত পৰে সেই সময়ত এই পদ সমূহত আজিও কিয় দিয়া হোৱা নাই নতুন নিযুক্ত। প্ৰশ্ন হয় সততে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাক-ঢোল বজাই ফুৰা বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম স্বাস্থ্য বিভাগৰ এই সমূহ খালি পদ পূৰণৰ বাবে আজৰি হ’ব নে বুলি সচেতন মহলে বিবেচনা কৰে৷