হোজাইঃ হোজাইৰ পৰা ৰহস্যজনকভাৱে এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে৷ হোজাই আৰক্ষী থানাৰ অন্তৰ্গত ভীমৰআলি গাঁৱৰ নিবাসী আব্দুল কৰিমৰ কন্যা তাঞ্জিলা বেগম( ১৮) যোৱা তিনি জুনত নিজ গৃহৰ পৰা সন্ধানহীন হয়৷

ঘটনা সংঘটিত হোৱাৰ সময়ত তাঞ্জিলা ঘৰত অকলে আছিল৷ পাছত ঘৰত অভিভাৱক উপস্থিত হৈ যুৱতীগৰাকীক বিচাৰ খোচাৰ কৰি কোনো সন্ধান নোপোৱাত হোজাই আৰক্ষী থানাত এটা গোচৰ তৰে৷

আৰক্ষীয়ে গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে যদিও বিগত আঠদিনেও যুৱতীগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই৷ সেয়েহে যুৱতীগৰাকী নাৰী সৰবৰাহকাৰীৰ কবলত পৰা বুলি সন্দেহ কৰিছে পৰিযালৰ লোকে৷