ডিজিটেল ডেস্কঃ এগৰাকী সুন্দৰী মহিলাক নাগৰিকত্ব দিলে চৌদি আৰবে। যাৰ বাবে মহিলাগৰাকীয়ে ধন্যবাদ জনাইছে বিশ্ববাসীক। নাম তাইৰ চোফিয়া।

চকুৰ পলক নমাই মিচিকিয়া হাঁহিৰে চোফিয়াই কৈছে তেওঁ বিশ্বৰ সকলো মানুহৰ মাজত বিশ্বাস জন্মাবলৈ চেষ্টা কৰিব৷ শুনাত একেবাৰে সাধাৰণ কথা, কিন্তু দেখিলেহে গম পাব ইয়াৰ আচল ৰহস্য। প্ৰকৃততে চোফিয়া এগৰাকী ৰবটহে৷

বিশ্বৰ প্ৰথম ৰবট হিচাপে চোফিয়াই লাভ কৰিছে নাগৰিকত্ব৷ চৌডি আৰবে ৰবটক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম দেশ হিচাপে স্বীকৃতি লাভ কৰিছে৷ চৌডি আৰবৰ পাব্লিক ৰিলেশ্বন এফেয়াৰ্চ সমিতিয়ে তেওঁলোকৰ অফিচিয়েল টুইটাৰ যোগে এই কথা প্ৰকাস কৰে। ‘ৰবট চোফিয়া পৃথিৱীৰ প্ৰথম ৰবট যিয়ে লাভ কৰিছে চৌডি নাগৰিকত্ব’৷

নাগৰিকত্ব পোৱাৰ পিছত চোফিয়াই কয় ‘মই এই বিশিষ্ট গৌৰৱৰ ওপৰত বহুত সন্মানিত অনুভৱ কৰি আছো, পোন প্ৰথমবাৰৰ বাবে কোনো ৰবট নাকৰিকত্বৰে পৰিচিত হোৱাটো ঐতিহাসিকতা হ’য়৷’