গুৱাহাটীঃ গুৱাহাটীবাসীক পানী যোগানৰ ক্ষেত্ৰত শোচনীয় ব্যৰ্থতা প্ৰদৰ্শন কৰিলে গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষ(জি এম ডি এ)ই। জৱাহৰলাল নেহৰু নগৰ পুনৰ নবীকৰণ আঁচনি (জে এন এন ইউ আৰ এম)ৰ অধীনত মহানগৰবাসীক পানী যোগানৰ বাবে ২০১০ চনতে নিৰ্মাণ কাম আৰম্ভ কৰা প্ৰকল্পকেইটাৰ নিৰ্মাণ বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই।

ফলত মহানগৰবাসীয়ে এই বছৰো পানী লাভ কৰাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে। ইয়াৰ বিপৰীতে জি এম ডি এ কৰ্তৃপক্ষই শীঘ্ৰে মহানগৰবাসীয়ে খোৱাপানী লাভ কৰিব বুলি বাৰম্বাৰ দাবী কৰি আহিছে। আনকি এইবাৰৰ এপ্ৰিলতে পশ্চিম গুৱাহাটীবাসীয়ে পানী লাভ কৰিব বুলি কিছুদিন পূৰ্বে এখন সংবাদ মেলত ঘোষণা কৰিছিল জি এম ডি এৰ অধ্যক্ষ ধীৰেণ বৰুৱাই।

সম্প্ৰতি তেওঁৰ এই ঘোষণা ফুটুকাৰ ফেনত পৰিণত হৈছে। কাৰণ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও পানীৰ গুণাগুণ পৰীক্ষাৰ কাম বাকী আছে। পানীৰ গুণাগুণ পৰীক্ষাৰ কাম শেষ কৰিবলৈও কমেও আৰু অন্ততঃ দুমাহৰ প্ৰয়োজন হ’ব বুলি জি এম ডি এৰ এক সূত্ৰই জনায়।

একেদৰে দক্ষিণ গুৱাহাটী আৰু মধ্য গুৱাহাটী প্ৰকল্প দুটাৰ নিৰ্মাণৰ কাম শামুকীয়া গতিৰেহে আগবাঢ়িছে। ইয়াৰে দক্ষিণ গুৱাহাটী প্ৰকল্পটোৰ কাম ৫০ শতাংশও সম্পূৰ্ণ হোৱা নাই। ফলত সমগ্ৰ গুৱাহাটীবাসীয়ে চলিত বষত পানী লাভ কৰাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে৷