গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত হাদলাপাৰাৰ পেট্ৰল পাম্পৰ সন্মুখত দেওবাৰে বিয়লি এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত একে পৰিয়ালৰ চাৰিজন লোক নিহত হয়। এল্ট' এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোত অধিবক্তা লিয়াকত আলী, পত্নী নাজিয়া চুলতানা, বৰ পুত্ৰ ৱাছিম আফজাল, কনিষ্ঠ পুত্ৰ শ্বামিম আফজাল নিহত হয়। অধিবক্তাগৰাকীৰ কনিষ্ঠ পুত্ৰ শ্বামিম আফজালক গুৰুতৰ অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলে প্ৰেৰণ কৰে যদিও মহানগৰীৰ হায়াত হস্পিতালত তেওৰো মৃত্যু হয়৷
অধিবক্তাগৰাকীৰ পত্নী আৰু দুই পুত্ৰ সহ পৰিয়ালটোৱে লক্ষীপুৰৰ ফৰিংগাপৰাৰ পিতৃ গৃহৰ পৰা গোৱালপাৰা চহৰৰ ভালুকডুবিত থকা ঘৰলৈ আহি থাকোতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
গাড়ীৰ চালকৰ আসনত আছিল অধিবক্তাগৰাকী নিজেই। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে গাড়ী কাটিহে মৃতদেহ উলিয়াব লগা হয়। এনেদৰে একে পৰিয়ালৰ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাত গোৱালপাৰাত শোকৰ ছাঁ পৰিছে।