গোৱালপাৰাঃ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কৰ’নাত আক্ৰান্ত ৩গৰাকী ৰোগীৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজি দুপৰীয়া ১২ মান বজাত চিকিৎসালয়খনত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। চিকিৎসালয় চৌহদত উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে চিকিৎসা কালীন অৱস্থাত পাবলগীয়া সা-সুবিধাৰ তদাৰক কৰে আৰু তিনিওগৰাকী ৰোগীৰ মেডিকেল ৰিপ’ৰ্ট জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ হাতত অৰ্পণ কৰে।
উপায়ুক্তৰ হাতত ৰিপ’ৰ্ট অৰ্পণ কৰাৰ কথা সদৰী কৰি কিয় সেয়া লগে লগে অৰ্পণ কৰা হোৱা নাছিল বুলি ৰোগীসকল আৰু আন একাংশই কৰি থকা প্ৰশ্নৰো উত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে টেষ্টৰ ৰিপৰ্ট ওলোৱাৰ পিছত ৰিপৰ্টবোৰ গুৱাহাটীত স্কেন হয়, পাছত কনফাৰমেশ্যন হয় তাৰ পাছত পুণেলৈ পঠোৱা হয় আৰু পুণেই সেউজ সংকেত দিলেহে ৰিপৰ্ট দিব পৰা যায়।
'ৰিপ’ৰ্টবোৰ প্ৰথমে নম্বৰ আকাৰেহে পঠোৱা হয় আৰু তাত কাৰো নাম-ঠিকনা উল্লেখ নাথাকে। পিছত সেয়া পুণেৰ পৰা আহি পালে ডি-কোডিং কৰি ইয়াত নাম-ঠিকনা উলিওৱা হয়। গতিকে কাৰো মনত সংশয় থাকিব নালাগে।’-মন্ত্ৰীগৰাকীয়ে জনায়।
কোৱাৰেণ্টাইন কৰা হ'ব গোৱালপাৰাৰ চিকিৎসকক-চিকিৎসা কৰ্মীক
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনকালত জনাই যে চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে ৭ দিনৰ বাবে সেৱা আগবঢ়াই ১৪ দিন কোৱাৰেণ্টাইনত থাকিব লাগিব। গোৱালপাৰাত উপযুক্ত সুবিধা নথকাৰ বাবে কৰ'নাক্ৰান্ত ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক গুৱাহাটীৰ তাজ হোটেলত চৰকাৰী খৰছত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে আন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে ৰাইজে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত থকা নাৰ্ছিংহোমসমবহৰ সৈতে আলোচনা কৰিবলৈ জিলা উপায়ুক্ত বৰ্ণালী ডেকাক নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে মন্ত্ৰী ডঃ শৰ্মাই।
পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি মন্ত্ৰী শৰ্মাই জনাই যে কৰ’না পজিটিভ ধৰা পৰা শিলচৰৰ দ্বিতীয়জন লোক ৰাণীঘাটৰ অৱসৰপ্ৰাপ্ত বিএছএফ জোৱান চবিবুৰ ৰহমানেও দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তেওঁ আৰু কয় যে গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ মনীষ তিৱৰেৱাল নামৰ কৰ'নাক্ৰান্ত ৰোগীজনৰ সংস্পৰ্শলৈ অহা প্ৰায় ১০৫ গৰাকী ব্যক্তিৰ নমুনা টেষ্ট কৰা হৈছে আৰু তাৰ ৰিপ’ৰ্ট আজিয়েই পোৱা যাব।
আনহাতে কৰ’না পজিটিভ ধৰা পৰিলে লগে লগে লক্ষণসমূহ দেখা পোৱা নাযাব পাৰে বুলিও কয় মন্ত্ৰীগৰাকীয়ে। 'কৰ’না পজিটিভ হ’লে লক্ষণ দেখা নিদিবও পাৰে। এই ৰোগত শতকৰা ২০ জনৰ দেহতহে লক্ষণসমূহ দেখা দিয়ে আৰু ৮০ শতাংশৰ দেহত লগে লগে দেখা নিদিয়ে। কিন্তু লক্ষণ দেখা নিদিলেও আন লোকলৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে। সেয়ে লক্ষণ দেখা দিছে নে নাই সেইটোলৈ নাচায়ো পজিটিভ ধৰা পৰিলেই আইছ’লেশ্যনত ৰাখি চিকিৎসা কৰিব লাগে।’- দুৰ্বল লোকসকল সংক্ৰমিত হ’লে স্বাস্থ্যৰ অৱনতি ভয়াৱহ হৈ পৰাৰ সম্ভাৱনা বৃদ্ধি পাই বুলি উল্লেখ কৰি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।
দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ প্ৰসংগ
'নিজামুদ্দিনৰ পৰা উভতি অহা লোকৰ সংস্পৰ্শত অহা ৮০০ৰো অধিক ব্যক্তিৰ টেষ্ট কৰা হৈছে আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা মহিলা এগৰাকীৰ দেহত ক’ভিড ধৰা পৰিছে। অহা ১৪ দিনৰ ভিতৰত কিমান পজিটিভ ওলাই এতিয়াই ক’ব পৰা নাযায়।’-তবলীগ জামাতৰ সৈতে জড়িত লাখটকীয়া মছজিদৰ কৰ্মকৰ্তাসকলৰ পৰা নিজামুদ্দিন ফেৰৎসকলৰ নাম-ঠিকনা বিচৰা হৈছে বুলি সদৰী কৰি ডঃ শৰ্মাই কয়। মছজিদৰ কৰ্মকৰ্তাসকলে নাম-তালিকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি জানিবলৈ দি তেওঁ আৰু কয় যে কেৱল নিজামুদ্দিনেই নহয়, বহিঃৰাজ্যৰ পৰা অহা জ্বৰ-কাঁহ হোৱা সকলো ব্যক্তিয়ে স্বইচ্ছাই প্ৰশাসনৰ লগত যোগাযোগ কৰা উচিত।
কি হ’ব বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ?
বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক এতিয়াই আহিবলৈ দিব পৰা অৱস্থাত নাই বুলি জনাইছে মন্ত্ৰী শৰ্মাই। তেওঁ কয় যে ১৪ এপ্ৰিলত লকডাউন শেষ হোৱাৰ পাছত ভাৰত চৰকাৰে আন্তঃৰাজ্যিক বাছ সেৱা, ৰেলসেৱা আৰম্ভ কৰিব নে নাই সেয়া নিৰ্ণয় কৰাৰ পিছত অসম চৰকাৰে চিন্তা-চৰ্চা কৰিব। কিন্তু ১৪ এপ্ৰিললৈকে বহি ৰাজ্যৰ পৰা কোনো লোকে অসমলৈ আহিব নোৱাৰে আৰু অসমলৈ অহা কোনো লোক অসম এৰি যাব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী ডঃ শৰ্মাই।