গোলাঘাটঃ পঞ্চায়ত নিৰ্বাচন সমাগত। লগে লগে আৰম্ভ হৈছে দল বাগৰা বাজনীতি। এনে এক ঘটনাই দেখা গ’ল গোলাঘাটৰ খুমটাই সমষ্টিত।

ভাৰতীয় জনতা পাৰ্টীৰ খুমটাই বিধান সভা কাৰ্যালয়ত অনুস্থিত এখন দলীয় সভাত উত্তৰ দক্ষিণহেঙেৰা পঞ্চায়তৰ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জয়ন্ত চেতিয়াসহ দহজন কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। এই সভাত কঠালগুৰি মন্দল বিজেপৰি সভাপতিয়ে সভাপতিত্ব কৰিছিল।