ডিজিটেল ডেস্কঃ ৰোহিত চেট্টীৰ কমেডি ফিল্ম গোলমাল চিৰিজৰ বৃহৎ সফলতাৰ পাছত এইবাৰ পুনৰ দুটা বৰ্ষৰ বিৰতিৰ পাছত যশস্বী পৰিচালকগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে আন এখন গোলমাল চিৰিজৰ ফিল্ম৷

বিশেষ সূত্ৰৰ পৰা জানিব পোৱা মতে ৰোহিত চেট্টীয়ে দীপাৱলীৰ আগে আগে ‘গোলমাল এগেইন’ নাম দি মুক্তি দিব কমেডি ফিল্মখন৷ বাতৰিৰ চৰ্চাত থকা এই ছবিখনৰ ট্ৰেইলৰ অতি শীঘ্ৰেই মুকলি কৰি দিয়া হ’ব বুলিও জানিব পৰা গৈছে৷

ইয়াৰ বাবে অজয় দেৱগনে নিজৰ টুইটাৰ একাউন্টৰ পৰা এটা ভিডিঅ’ মুকলি কৰিছে৷ অজয়ে মুকলি কৰা ভিডিঅ’টোত লিখা আছে যে ‘এইবাৰ দেৱালীত ল’জিক নহয় কেৱল মেজিক হ’ব৷’

পূৰ্বৰ দৰেই এইবাৰো ছবিখনত অজয় দেৱগন, শ্ৰেয়াচ তালপাড়ে, কুনাল খেমু, আৰ্শ্ৰাদ ৰ্ৱাচী আৰু তুষাৰ কাপুৰক দেখা পোৱা যাব৷ অভিনেত্ৰী হিচাপে আছে পৰিণীতি চৌপ্ৰা৷