newsnextone.com | গোৰেশ্বৰঃ দেশক পৰিস্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশবাসীক মেচেজ দিছিল দেশ পৰিস্কাৰ কৰাৰ বাবে৷ তাৰ পিছতে দেশৰ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মন্ত্ৰী-আমোলাৰ পৰা বিধায়কলৈ সকলোৱে সময়ে সময়ে স্বচ্ছ ভাৰত অভিযান মিছনৰ নামত হাতত ঝাড়ু লোৱা দেখা যায়৷

তাৰ মাজতে একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনক শ্ল’গান তথা বেনাৰ পোষ্টাৰতে সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে৷ ফলস্বৰূপে আজিকোপতি এই অভিযানে বিশেষ সফলতা লাভ কৰিব পৰা নাই৷

ৰাজ কোষৰ কোটি কোটি টকা স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নামত খৰছ কৰাৰ সময়তে বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰ নগৰৰ মাজমজিয়াৰ কদৰ্য অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে। নগৰখনত এতিয়া মানুহে মুখত সোপা দি আহ-যাহ কৰিব লগা হৈছে৷ উৎকট দুৰ্গন্ধই এক প্ৰকাৰ ভেঙুচালি কৰিছে স্বচ্ছ ভাৰত অভিযান আঁচনিক৷ টাউনৰ মাজমজিয়াৰ ৰেল লাইনৰ সমীপ, বজাৰৰ মাজ ভাগ, সাপ্তাহিক বজাৰ, গধূলি বজাৰ এতিয়া পিতনিত পৰিণত হৈছে৷ 

এজন ৰাজ্য চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাৰ সমষ্টিৰ অধিনৰ আৰু আৰু বিটিচিৰ ইএম মহেশ্বৰ বসুমতাৰিৰ গোৰেশ্বৰ সমষ্টিৰ অধিনৰ অন্যতম টাউন খন এতিয়া জাঁৱৰৰ টাউনত পৰিণত হৈছে৷ বৰ বৰ কথা কৈ ভোট আদায় কৰা মন্ত্ৰী-ইএমে এতিয়া ৰাইজৰ সমস্যাৰ পৰিৱৰ্তে নিজৰ ৰাজনৈতিক সমস্যা সমাধানত ব্যস্ত হৈ পৰিছে৷ বিশেষকৈ বিপিএফৰ নেতা তথা গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ জিএম মহেশ্বৰ বসুমতাৰীয়ে আমাৰ গোৰেশ্বৰ আমাৰ মহেশ্বৰ শ্ল’গান দিছিল নিৰ্বাচনৰ সময়ত৷ কিন্তু বৰ বৰ কথাৰ বাহিৰে একো কৰিব নোৱাৰা মহেশ্বৰৰ গোৰেশ্বৰ সমষ্টিৰ খোদ টাউন খনে গেলা হৈ পৰিছে৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশক স্বচ্ছ কৰাৰ উদ্দেশ্যে ২০১৪ চনত চৰকাৰ গঠন কৰিয়েই স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ন কৰিছল৷ মোডী চৰকাৰ অহাৰ লগে লগে পৰিস্কাৰ-পৰিচ্ছন্নতাক কেন্দ্ৰ কৰি জনপ্ৰিয় হৈ পৰিছিল স্বচ্ছ ভাৰত অভিযান। চহৰে-নগৰে, বাটে-ঘাটে ঝাড়ু লৈ বাটপথ-অফিচ কাছাৰী চাফা কৰা লোকৰ অভাৱ দেখা নগৈছিল। ছচিয়েল মিডিয়াত আপলোড কৰিবলৈ হাতত ঝাড়ু লৈ ফটো তোলা লোকৰ অভাৱ নাছিল৷ কিন্তু সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হৈছিল৷  

মোডী চৰকাৰৰ এই অভিযানৰ কথা এতিয়া যেন ক্ৰমাৎ পাহৰণিৰ গৰ্ভত। ধোঁৱা চাঙত উঠিল স্বচ্ছ ভাৰত কিম্বা নিৰ্মল অসম আঁচনি। বাট-পথত এতিয়া দেখিবলৈ পোৱা নাযায় ঝাড়ু লৈ কেমেৰাৰ সম্মুখত ফটো উঠা লোকৰ ভিৰ। এতিয়া পুনৰ জাবৰ-জোঁথৰ, গেলা-পচা, প্লাষ্টিক আদিৰে ভৰা কদৰ্য ৰূপ সহজলভ্য হৈ পৰিছ চহৰে নগৰে। বাক্সা জিলাৰ গোৰেশ্বৰ চহৰৰো এতিয়া কদৰ্যময় অৱস্থা। 

চহৰখনত বাট-পথ, ৰাজহুৱা স্থান আদিৰ সৌন্দৰ্যবৰ্দ্ধন দূৰৰ কথা সাধাৰণ পৰিস্কাৰ-পৰিচ্ছন্নতাকো একেবাৰে অৱজ্ঞা কৰা দেখা গৈছে। গোৰেশ্বৰ চহৰৰ মাজমজিয়াত সৃষ্টি হোৱা বজাৰ কেন্দ্ৰীক জাবৰ-জোঁথৰ নিষ্কাষণৰ বাবেও কোনো নিৰ্ধাৰিত পৰিকল্পনা নাই গোৰেশ্বৰ নগৰ সমিতিৰ। সেয়ে গোৰেশ্বৰ চহৰৰ মাজেৰে থকা নলাটোৰ ওপৰতে গেলা-পচা জাবৰ-জোঁথৰ আদি একাংশ ব্যৱসায়ীয়ে পেলোৱাৰ বাবে কদৰ্য ৰূপ ধাৰণ কৰিছে চহৰখনে। প্ৰথমাৱস্থাত চহৰখনত কেবাটাও ডাষ্টবিন চৰকাৰীভাৱে প্ৰদান কৰা হৈছিল যদিও এতিয়া এটাও ডাষ্টবিন দেখা পোৱা নাযায়। বহু চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান  আদিতো দেখা নাযায় ডাষ্টবিন। 

ইপিনে ভাৰতীয় ষ্টেট বেংকৰ গোৰেশ্বৰ শাখাৰ সম্মুখত পথৰ কাষত লাগি থকা নলাটোৰ ওপৰতে একাংশই এতিয়া আবৰ্জনা পেলোৱা আৰম্ভ কৰাত অস্বাস্থ্যকৰ আৰু  কদৰ্য ৰূপ বিৰাজ কৰিছে চহৰখনত। মন কৰিবলগীয়া যে, ষ্টেট বেংকটোৰ ওপৰ মহলাটোতে অৱস্থিত গোৰেশ্বৰ নগৰ সমিতিৰ কাৰ্যালয়। তথাপি নগৰ সমিতিয়ে আজিকোপতি গ্ৰহণ কৰা নাই কেনো বিহিত ব্যৱস্থা। ইপিনে গড়কাপ্তানি বিভাগে পথৰ দুয়োকাষে নলা সমূহ সময়মতে নিয়াৰিকৈ নিৰ্মাণ কৰিব নোৱাৰাৰ বাবে চাহপট্টি হৈ যোৱা বয়াগলা পথটোৰ সন্মুখভাগ নলা-নৰ্দমাৰ গেলা পানীৰে উপচি পৰিছে। 

আনহাতে গধুলি বজাৰৰ একাংশ ব্যৱসায়ীয়ে ডাষ্টবিন নথকাত নলাৰ দুয়োকাষে আবৰ্জনা পেলোৱাত অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰিছে। গোৰেশ্বৰৰ সচেতন  নাগৰিকে গোৰেশ্বৰ নগৰ সমিতিক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।