গোৰেশ্বৰঃ এবছুৰ প্ৰমোদ বড়োই যদি জাতিটোক লৈ খেলা কৰি থাকে তেন্তে আমি বেলেগকৈ এবছুৰ জন্ম দিম। যি এনডিএফবিয়ে বড়ো জাতিৰ লোকক গুলীয়াই গুলীয়াই হত্যা কৰিছিল তেওঁলোকৰে সংগ দিছে এতিয়া এবছুৱে।
প্ৰমোদ বড়োই জাতিক লৈ বেপাৰ কৰি আছে। সেয়া বন্ধ হ’ব লাগে। নহ’লে আমি নতুন এবছু জন্ম দিবলৈ বাধ্য হ’ম। এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। শুকুৰবাৰে বিটিএডিৰ শুক্লা চেৰফাং সমষ্টিৰ অন্তৰ্গত বাঙালীপাৰা হাইস্কুল খেলপথাৰ ৫ নং কোকৰাঝাৰ সমষ্টিৰ বিজেপি, এজিপি আৰু বিপিএফ সমৰ্থিত প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ সমৰ্থনত আয়োজিত এখনি নিৰ্বাচনী সভাত ভাষণ দি হাগ্ৰামা মহিলাৰীয়ে এনেদৰে কয়।