নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত থকা ঐতিহাসিক সাৰ্বজনীন গৰখীয়া থানত বিগত বৰ্ষৰ দৰে এইবাৰো 'শৰাইৰ এদিন আৰু গৰখীয়া সবাহ' উৎসৱটি ২৯ আৰু ৩০ জুলাইত দুদিনীয়াকৈ বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপনৰ দিহা কৰা হৈছে৷

এই মৰ্মে, ৰাসেশ্বৰ নাথক সভাপতি, নগেন চন্দ্ৰ নাথ আৰু প্ৰবীন নাথক উপ-সভাপতি, ৰমেন নাথক কাৰ্যকৰী সভাপতি আৰু উৎপল বৰদলৈক সম্পাদক হিচাপে লৈ এখনি উৎসৱ উদযাপন সমিতি গঠনেৰে ব্যাপক প্ৰস্তুতি চলিছে৷ 

প্ৰকাশিত কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত মণিকূটত বন্তি প্ৰজ্বলনেৰে উৎসৱৰ পাতনি মেলাৰ পিছতে একাদিক্ৰমে ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ আৰু কীৰ্তন পাঠ অনুষ্ঠিত হ’ব৷ 

দুপৰীয়া খোল-প্ৰসংগ আৰু নাম-কীৰ্তনৰ অন্তত 'ধৰ্মীয় দিশত বৰ্তমান সময়ত মহিলাৰ ভূমিকা' শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ’ব৷ বিয়লি ভাগৰে পৰা ভাগৱত পাঠ অনুষ্ঠিত কৰা হ’ব৷ 

উল্লেখ্য, এই ভাগৱত পাঠ ওৰে নিশা অবিৰতভাৱে চলি থাকি পিছদিনা পুৱাৰ ভাগত ইয়াৰ সামৰণি পৰাৰ পিছতে খোল-প্ৰসংগ আৰু নাম-কীৰ্তন অনুষ্ঠিত হ’ব৷ বিয়লি নামাচাৰ্য কৃষ্ণ বৰুৱাৰ ব্যৱস্থাপনাত আকৰ্ষণীয় মহানাম পৰিবেশনেৰে উক্ত পৰম্পৰাগত উৎসৱটিৰ সামৰণি পেলোৱা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷