newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত ১০৪ খন আসন লাভ কৰি বিজেপি হৈ পৰিল বৃহৎ দল৷ বৃহৎ দল হোৱাৰ লগেতে কংগ্ৰেছক শাসনৰ পৰা পদচ্যুত কৰিলে বিজেপিয়ে৷ কংগ্ৰেছে পুনৰ শাসনলৈ অহাৰ দাবী কৰি আহিছিল যদিও ৰাইজে কংগ্ৰেছক সেই সুবিধা প্ৰদান নকৰিলে৷ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ সৈতে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী য়েদুয়াৰাপ্পাই ৰাজ ভৱনত উপস্থিত হয়৷ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে দাবী জনায়৷ য়েদুয়াৰাপ্পাই এশ শতাংশ তেওঁলোকে চৰকাৰ গঠন কৰিব বুলি কয়৷
যোৱা ১২ মে’ত কৰ্ণাটক বিধান সভাৰ ২২২ খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল৷ তাৰ পিছতে ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হয়৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে মুঠ ১০৪ খন আসনত জয়ী হয়৷ কংগ্ৰেছে ৭৮ খন আসনত জয়ী হোৱাৰ লগতে জেডিএছে ৩৮ খন আসনত জয়ী হয়৷ ফলত জেডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া স্পষ্ট হৈ পৰে৷