ডিজিটেল ডেক্সঃ যদি ভুৱা বাতৰি পৰিৱেশন কৰাৰ কথা চৰকাৰে অৱগত হয় তেন্তে সাংবাদিকৰ স্বীকৃতি বাতিল কৰিব চৰাকৰে৷ এই কথা সোমবাৰে স্পষ্ট কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ে৷ এক কথাত কবলৈ গলে সাংবাদিকক এতিয়াৰ পৰা ব্লেকলিষ্টেড হ’ব৷
সৎ তথা নিৰ্ভিক সাংবাদিকৰ কলমেৰে ওলোৱা বাতৰিত প্ৰতিফলিত হয় চৰকাৰ আৰু সমাজৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ। সমাজত চলি থকা অন্ধ বিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে কলম চলে এনে সাংবাদিকৰ। তেওঁলোকে আঙুলীয়াই দিয়ে চৰকাৰৰ ত্ৰুটিপূৰ্ণ নীতি আৰু প্ৰশাসনত চলি থকা দুৰ্নীতিৰ কাহিনী।
এয়াই সাংবাদিকৰ ধৰ্ম। বাতৰি এটাৰ আধাৰ হ’ল তথ্য-প্ৰমাণ আৰু চৰকাৰৰ ভিতৰুৱা লোকৰ বক্তব্য৷ অৱশ্যে কোনো এটা পক্ষ লৈ বিপৰীত পক্ষৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰা সাংবাদিকৰ অভাৱ নাই৷
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰালয়ে এইবাৰ ভুৱা বাতৰি পৰিৱেশন কৰা সাংবাদিকৰ চৰকাৰে দিয়া স্বীকৃতি (এক্ৰেডিচন) নিলম্বন কৰিব৷ বাৰে বাৰে একে ভুলকে কৰিলে এই স্বীকৃতি একেবাৰে বাতিল কৰা হ’ব৷
চৰকাৰৰ এনে বিতৰ্কিত কাৰ্যত জাঙুৰ খাই উঠিছে দেশৰ সাংবাদিকসকল৷ তেওঁলোকে প্ৰশ্ন কৰিছে যে চৰকাৰে কোৱা এই ভুৱা বাতৰিৰ সংজ্ঞা কি? এই নিৰ্দেশনা চৰকাৰৰ বিৰুদ্ধে পৰিৱেশন কৰা বাতৰিৰ বিৰুদ্ধে নেকি বুলিও প্ৰশ্ন কৰিছে৷
মন কৰিবলগীয়া যে যোৱা চাৰি বছৰত চৰকাৰখনে সংবাদ মাধ্যম আৰু সাংবাদিকক মুক্তভাৱে সেৱা আগবঢ়োৱাত বাধা দি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ ২০১৯ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে জাৰি কৰা এনে নজিৰবিহীন নিৰ্দেশনাই সকলোকে সচকিত কৰিছে৷
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে টুইটাৰযোগে জানিবলৈ দিয়ে যে ভুৱা বাতৰিৰ অভিযোগ প্ৰেছ কাউঞ্চিল অব ইণ্ডিয়া আৰু নিউজ ব্ৰডকাষ্টাৰছ এছ’ছিয়েচনে পৰীক্ষা কৰিব৷