ঢেকিয়াজুলিঃ চাকৰি দিয়াৰ নামত লুটিলে দুই যুৱকক৷ থলুৱা যুৱকক চাকৰি দিয়াৰ নামত লুটিলে শোণিতপুৰৰ মিছামাৰীত৷ লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ ঠেকেৰাগুৰিৰ ভৱেশ টাই (১৯) আৰু মহানন্দ মিলি(১৮) নামৰ ২ কলেজীয়া ছাত্ৰ ধনৰ বিনিময়ত সেনাবাহিনীত চাকৰি দিয়াৰ প্ৰলোভন দি শোণিতপুৰৰ মিছামাৰী সেনা চাউনীলৈ মাতি আনিছিল লখিমপুৰ জিলাৰে অভিজিৎ বৰা নামৰ এজন প্ৰৱঞ্চকে৷

শোণিতপুৰৰ আন এক প্ৰৱঞ্চকৰে মিলি চাকৰি বিছাৰি অহা দুই যুৱকৰ পৰা কৌশলৰে নগদ ৪৭ হাজাৰ টকা, ম’বাইল ফোনৰ লগতে যুৱক দুজনে লগত অনা বেগ দুখনো লৈ উধাও হ’ল দুই প্ৰৱঞ্চকে৷ অসহায় দুই যুৱক এতিয়া ঠেলামৰা আৰক্ষীৰ ওচৰ চাপি প্ৰৱঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ চাকৰিৰ মোহত পৰি সকলো হেৰাই দুই যুৱকে৷ অভিজিৎ বৰা বুলি পৰিচয় দিয়া লোকজনে শোণিতপুৰৰ মিছামাৰী সেনা চাউনীত সেনাবাহিনীত নতুনকৈ যুৱকক নিযুক্তি দি থকা বুলি কয়৷

কিছু টকা দিলে চাকৰি হৈ যাব বুলি প্ৰলোভন দি যুৱক দুজনক তেজপুৰলৈ মাতি আনে৷ যোৱা ৬ ডিচেম্বৰতে তেজপুৰ চহৰলৈ আহে যুৱক দুজনে৷ দুযো যুৱক ভৱেশ আৰু মহানন্দক প্ৰৱঞ্চকটোৱে নিশা চহৰৰ "সেনয়" নামৰ হোটেল খনত থাকিবলৈ দিয়ে৷ তেজপুৰ চহৰৰ পৰা প্ৰায় ৪০কিলোমিটাৰ পশ্চিম দিশত থকা ভাৰতৰ দ্বিতীয় বৃহৎ সেনা চাউনী মিছামাৰীলৈ মাতি নিয়ে৷

দুয়োজনে তেজপুৰৰ পৰা এখন অট’ৰিক্সা ভাড়া কৰি মিছামাৰীলৈ বুলি ৰাওনা হয়৷ মিছামাৰী পোৱাৰ পূৰ্বে পূৰ্বপৰিকল্পনা অনুসৰি এখন ব’লেৰ’ গাড়ীৰে আন এজন লোকৰ সৈতে আহি প্ৰৱঞ্চক অভিজিৎ বৰাই যুৱক দুজনক গাড়ীত উঠাই নিয়ে৷ গাড়ীৰ ভিতৰতে যুৱক দুজনৰ সৈতে থকা টকা আদায় কৰি লোৱাৰ লগতে বেগ দুখ গাড়ীতে ৰাখি সেনা চাউনীৰ মূল প্ৰৱেশদ্বাৰ পোৱাৰ আগে আগে দুই যুৱকক গাড়ীৰ পৰা নমাই দি তোমালোক খোজ কাঢ়ি আহি থকা আমি গেটখন পাৰ হ’বলৈ পাচ (পাৰপত্ৰ )বনাওঁ বুলি তাৰ পৰা উধাও হয়৷

ইফালে দুই দুৰ্ভগীয়া যুৱকে পাৰপত্ৰ লৈ আহি তেওঁলোকক চাউনীৰ ভিতৰলৈ লৈ যাবহি  বুলি সেনাচাউনীৰ গেটৰ কাষতে সন্ধিয়ালৈকে ৰৈ ৰৈ ভাগৰি পৰে৷ এটা সময়ত যুৱকদ্বয়ে বুজি উঠে যে তেওঁলোকৰ চাকৰিৰ সপোন মিছা হ’ল৷ অহাবাটে ওলতি যাবলৈ সিদান্ত ল’লে প্ৰবঞ্চনাৰ বলী হোৱা অসহায় যুৱকদ্বয়ে৷ পিচে পকেটত ফুটাকড়ি এটিও নাই৷

এ টি এম কাৰ্ড, ম’বাইল ফোন আদিও থাকি গ’ল গাড়ীৰ ভিতৰৰ বেগতেই৷ অৱশেষত প্ৰায় ১১ কিলোমিটাৰ পথ খোজকাঢ়ি আহি ঠেলামৰা চেন্টাৰত উপস্থিত হ’য় ঢকুৱাখানা কলেজত স্নাতকৰ ছাত্ৰত ভৱেশ টাই আৰু মহানন্দ মিলি৷ সেইস্থানত আহি যুৱকদ্বয়ে আছুৰ স্থানীয় কৰ্মকৰ্ত্তাক লগ কৰি সকলো কথা বিৱৰি কৈ আৰক্ষীৰ কাষ চাপে৷ ঠেলামৰা আৰক্ষীয়ে যুৱকদ্বয়ৰ এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে চাকৰি বিছাৰি অহা যুৱ দুজনক নিশাটো থকা খোৱাৰ ব্যৱস্থা কৰে৷ চাকৰিৰ মোহত পৰা অসমৰ থলুৱা যুৱকক লুটি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷