নাওকাটাঃ যি সময়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বৃহত্তৰ নগালিম গঠনক লৈ এক চেপা উত্তেজনা বিৰাজ কৰিছে, সেই সময়তে বিজেপি দলৰ নেতা তথা তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ আৰ পি শৰ্মাই কৰা এক মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। 

বৃহত্তৰ নাগালিমত এন এছ চি আই এন (আই এম) গোটে অসমৰ কিয়দংশ অন্তৰ্ভূক্তিৰ দাবী কৰি থকা সময়তে সাংসদজনে বাগছা জিলাৰ নাওকাটাত অনুষ্ঠিত এখন জনসভাত সাংবাদিকক জনায় যে অসমৰ ১ ইঞ্চিও মাটিও নাগালেণ্ডক দিয়া নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁ ডিমাপুৰহে অসমৰ বুলি দাবী কৰে। অতীত ইতিহাসৰ প্ৰসংগ উল্লেখ কৰি সাংসদজনে অতীতৰ অসমৰ ডিমাপুৰ পুনৰাই অসমক স-সন্মানে ঘূৰাই দিবলৈকো দাবী জনায়।

সাংসদজনে বৰ্তমান নাগালেণ্ডৰ বহু অসমৰ সীমাৱৰ্তী ঠাই আচলতে অসমৰ বুলি ব্যক্ত কৰে। তেওঁ প্ৰশ্ন কৰে যে অসমে সকলো ক্ষেত্ৰতে কেৱল ভূগিয়েই থাকিব নেকি? 'অামি শক্তিহীন নহয়, আমাৰ শক্তি আছে।'- সাংসদজনে কয়।

উল্লেখ্য যে সশস্ত্ৰ নগা বিদ্ৰোহী সংগঠন এনএছচিএন আৰু ভাৰত চৰকাৰৰ মাজত বিগত ২০১৫ চনত স্বাক্ষৰিত প্ৰাৰম্ভিক চুক্তি সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বহু দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও বিষয়টো ইমান দিনে তল পৰি আছিল।

কিন্তু বিগত দুদিন ধৰি হেব্ৰণত অনুষ্ঠিত বিশেষ সভাত ইমান দিনে লুকাই ৰখা প্ৰাৰম্ভিক চুক্তিখনৰ কিছু কথা প্ৰকাশিত হোৱাৰ পিছত পুনৰ সৰৱ হৈ পৰিছে অসমৰ বিভিন্ন দল-সংগঠন।