newsnextone.com | ডিজিটেল ডেস্কঃ নিজৰ ভোটটোৰ মূল্য কিমান৷ সেই কথা বুজাই কোৱাৰ প্ৰয়োজন নাই যদিও এটা ভোটৰ মূল্য যে অধিক সেই কথা গণতান্ত্ৰিক দেশত সকলোৱে বুজা উচিত৷ জনসাধাৰণে দিয়া ভোট সৎ, নিকা লোকক প্ৰদান কৰিলে ৰাইজে ৫ বছৰৰ বাবে একোগৰাকী ৰাইজৰ স্বাৰ্থৰ হৈ কাম কৰা মানুহ লাভ কৰে৷
যিগৰাকী লোকে ৰাইজৰ ধন লুণ্ঠন নকৰি সমাজৰ বাবে কাম কৰিব পাৰে৷ কিন্তু দেশত তেনে মানুহ বহু কম। কিন্তু কৰ্ণাটকৰ ৰাইজৰ ভোটদান কৰিব অহাৰ উৎসাহে বহু কথাকে কৈ গৈছে৷ কৰ্ণাটকৰ জনসাধাৰণ যেন সদায় সজাগ সেই কথাকে প্ৰমাণ কৰে৷ কৰ্ণাটকত বহু বৃদ্ধই এম্বুলেন্সত উঠি আহি ভোট দান কৰিছে৷ দিব্যাংগই ঘৰৰ পৰা বহু কষ্টৰে ওলাই আহি ভোটদান কৰে৷