“সেয়া মোৰ জীৱনৰ আটাইতকৈ ভয়াৱহ আৰু মৰ্মান্তিক দিন আছিল। এদিন হঠাৎ আহি পুলিচে উঠাই লৈ গৈছিল মোক আৰু মোৰ বন্ধু এজনক। প্ৰথমে আমি একো উৱাদিহেই পোৱা নাছিলো। কিন্তু থানালৈ লৈ যোৱাৰ পিছত আমাক কোৱা হ’ল আমাৰ ঘৰত হেনো বোমা নিৰ্মাণৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। গুজৰাটৰ সাম্প্ৰদায়িক হিংসাক উচটনি দিবলৈ বোমা নিৰ্মাণ কৰাৰ অপৰাধতে হেনো আমাক গ্ৰেপ্তাৰ কৰা হৈছে।’’
এয়া আছিল গুজৰাটৰ সাম্প্ৰদায়িক হিংসাৰ সময়ত গ্ৰেপ্তাৰ কৰা ইকলাব ধিবৰিয়া নামৰ এজন অভিযুক্তৰ মুখৰ কথা। ৬০ বছৰীয়া ইকলাব ধিবৰিয়াই ২১ বছৰ ধৰি যুঁজিবলগীয়া হ’ল তেওঁৰ ওপৰত আৰক্ষীয়ে আৰোপ কৰা অভিযোগৰ বিৰুদ্ধে। কোৰ্ট-কাছাৰীৰ দুৱাৰ গৰকি গৰকি ঘৰ-মাটি পৰ্যন্ত বিকিবলগীয়া হৈছিল ইকবালে। গুজৰাটৰ আহমেদাবাদ চহৰৰ সৰখেজ অঞ্চলটোত এতিয়াও নিমাওমাও পৰিৱেশ।
বিস্ফোৰক গোচৰত দোষমুক্ত হোৱাৰ পাছতো এসময়ত ইয়াত বাস কৰা অভিযুক্ত ইকলাব ধিবৰিয়াৰ লগতে আন অভিযুক্তসকলৰ সংগ্ৰামৰ যেন অন্ত পৰা নাছিল। আইনী যুঁজ আৰু পিছত জীৱন-জীৱিকাৰ বাবে বহুতে নিজৰ ঘৰ, গহনাপাতি বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছিল। সংস্থাপনহীনতাই নৰকসদৃশ কৰি তুলিছিল বহুতৰে জীৱন।
দৰাচলতে ২০০২ চনত তাজ মহম্মদ পাঠান, ইকলাব ধিৰিবিয়া, হাইদৰ খান দিৱান, মহীন খান পাঠান, আশ্ৰফ মাকৰাণী আৰু শ্বেহজাদ শ্বেইখক সাম্প্ৰদায়িক হিংসাৰ সৈতে জড়িত বোমা নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। এই আটাইকেইজনৰ বিৰুদ্ধে বিস্ফোৰক সামগ্ৰী ৰখাৰ সৈতে জড়িত ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে।
কিন্তু বিগত ২১ বছৰ ধৰি চলি থকা এই গোচৰটোত অৱশেষত ছেপ্টেম্বৰ মাহত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে ছয়জন অভিযুক্তক দোষমুক্ত ৰায় প্ৰদান কৰে। গোচৰৰ শুনানিৰ সময়তে তাজ মহম্মদ পাঠান, আশ্ৰফ মাকৰাণী আৰু শ্বেহজাদ শ্বেইখৰ মৃত্যু হয়। আনহাতে মোহিন খান পাঠানে ইতিমধ্যে গুজৰাট এৰি অন্য ৰাজ্যলৈ গুছি গৈছে।
‘জীৱনটো শেষ কৰি পেলালে ২০০২ চনটোৱে!’
এসময়ত নিজে এখন চৰবত আৰু ফলৰ ৰসৰ দোকান চলাই স্বচন্দ জীৱন যাপন কৰিছিল ইকলাব ধিবৰিয়াই। কিন্তু আজি পিছে তেওঁ জীৱন-জীৱিকাৰ বাবে আনৰ হোটেলত বাচন ধোৱা কাম কৰে। আইনী যুঁজৰ সময়তে ঘৰখন বিক্ৰী কৰাৰ পিছত এতিয়া কিছু দূৰৈৰ এটা সৰু ঘৰত বাস কৰে ইকলাব আৰু তেওঁৰ পৰিয়ালে। পুৰণি ঘৰটোৰ সৈতে জড়িত হৈ থকা মধুৰ স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ কেতিয়াবা সৰু সৰু গলিবোৰৰ মাজেৰে অকলে খোজকাঢ়ি যায়গৈ আৰু দূৰৰ পৰাই হেৰুৱাই পেলোৱা ঘৰখন চাই আহেগৈ।
২০০২ চনৰ ৮ মে’ত সাম্প্ৰদায়িক হিংসাই ভযকংৰ ৰূপ লোৱাৰ সময়তে আহমেদাবাদত জাৰি কৰা হৈছিল সান্ধ্য আইন। সেইদিনাই দুপৰীয়া হঠাৎ আৰক্ষীৰ দল এটা উপস্থিত হৈ ঘৰৰ পৰাই আটক কৰি লৈ যায় ইকলাব ধিবৰিয়া আৰু তেওঁৰ ৫ বন্ধুক।
সেইদিনটোৰ কথা মনত পেলাই ইকলাব ধিবৰিয়াই কয়, “মই নাজানিছিলো যে আৰক্ষীয়ে মোক আৰু মোৰ বন্ধুসকলক কিয় ঘৰৰ পৰাই উঠাই নিছে। থানা পোৱাৰ পিছত আমাক কোৱা হ’ল যে আমাৰ ঘৰত বোমা নিৰ্মাণৰ সা-সৰঞ্জাম পোৱা গৈছে আৰু গুজৰাটত সাম্প্ৰদায়িক হিংসাৰ উচটনি দিবলৈ আমি বোমা বনাইছো। তাৰ পিছতে আমাক জেলত ভৰাই দিয়ে।”
ইকলাবে আৰু কয়, “মোৰ পত্নীয়ে ঘৰত জমা কৰি থকা কেইটামান টকাৰে আদালতত এজন উকীল ধৰে আৰু আমি জামিন লাভ কৰিবলৈ সক্ষম হৈছিলো। প্ৰায় এমাহ জেলত থকাৰ পিছত যেতিয়া জামিনত ওলাই আহিছিলো তেতিয়া মোৰ হাতৰ জমা ধন প্ৰায় সকলো শেষ হৈ গৈছিল। সাম্প্ৰদায়িক হিংসাৰ বাবে কাৰ্ফিউৰ বাবে মাৰ্চ মাহৰ পৰা মোৰ ব্যৱসায় বন্ধ হৈ আছিল। পত্নী আৰু ৫ সন্তানৰ সৈতে সাতজনীয়া পৰিয়ালটো পোহপাল নিয়াবলৈ মোৰ সেই সময়ত অশেষ কষ্ট হৈছিল।”
জামিনত মুকলি হৈ অহাৰ পিছত আৰু চহৰৰ পৰা কাৰ্ফিউ প্ৰত্যাহাৰ কৰাৰ পিছত ইকবালে পুনৰ চৰবত আৰু ফলৰ ৰস বিক্ৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল যদিও লাহে লাহে তেওঁৰ দোকানলৈ গ্ৰাহকৰ আগমণ একেবাৰে নাইকীয়াই হৈ পৰে। পৰিণতিত নিজৰ দোকান এৰি অন্য কামৰ সন্ধান কৰিবলগীয়া হয় ইকবালে।
ইকলাবে কয়, "মানুহে আলোচনা কৰিবলৈ আৰম্ভ কৰে যে মই এজন সন্ত্ৰাসবাদী, মোক বোমা বনোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে, গতিকে মোৰ দোকানৰ চৰবত খাব নালাগে। গ্ৰাহক অহা বন্ধ হোৱাৰ পিছত নিৰুপায় হৈ মই অন্য কামৰ সন্ধান কৰিবলৈ আৰম্ভ কৰো। কিন্তু মোক কোনেও নিবিচৰা হ’ল, কোনেও কাম নিদিয়া হ’ল। ইফালে আদালতৰ কাম-কাজতো চলিয়েই থাকিল। তেতিয়া মোক বহু টকাৰ প্ৰয়োজন হৈছিল। কিন্তু কোনেও ঋণো নিদিয়ে। অৱশেষত ঘৈণীৰ হাতৰ-কাণৰ গহনা বিক্ৰী কৰি কিছুদিন চলিল। ইয়াৰ মাজতে ঘৰৰ পৰা অলপ দূৰৈত খৰি ফলা কাম এটা পাইছিলো। কিন্তু আদালতলৈ যাবলগীয়া হোৱাৰ হোৱাৰ বাবে সঘনাই ছুটী লোৱাৰ বাবে সেই কামটোও হেৰুৱাবলগীয়া হয়।“
গোচৰটোৱে তেওঁক আৰু তেওঁৰ পৰিয়ালক কেনেদৰে প্ৰভাৱিত কৰিছিল সেই সন্দৰ্ভত তেওঁ কয়, “ল’ৰা-ছোৱালীয়ে পঢ়া বাদ দি কাম কৰিবলৈ আৰম্ভ কৰে যাতে পৰিয়ালটো চলিব পাৰে। ইয়াৰ পিছত সিঁহত ডাঙৰ হৈ অহাত সিঁহতৰ বিয়াৰ বাবেও মই আত্মীয়ৰ পৰা টকা ধাৰে ল’বলগীয়া হয়। মূৰৰ ওপৰত ধাৰৰ বোজা বাঢ়ি অহাত অৱশেষত উপায়ন্তৰ হৈ নিজৰ ঘৰটো বিক্ৰী কৰিবলগীয়া হল। এতিয়া দেউতাৰ ঘৰতে আশ্ৰয় লৈ আছো।”
আদালতত দোষমুক্ত ঘোষণা হোৱাৰ পিছত ইকলাবে কয়, ‘আজি মোক সন্ত্ৰাসবাদী বুলি মানুহে ক’বলৈ এৰিছে। কিন্তু জীৱনৰ ২১ টা বছৰ এই শব্দটো মই অনিচ্ছাসত্বেও নিজৰ সৈতে কঢ়িয়াই লৈ ফুৰিবলগীয়া হৈছিল। এতিয়া মই পেটৰ তাড়নাত হোটেলত বাচন ধুও, সন্ধিয়া হ’লে ৰিক্সাত লাগেজ উঠোৱাৰ দৰে সৰু সৰু কাম কৰোঁ। তথাপি কেতিয়াবা খাবলৈকো নোজোৰে। এতিয়াও মোৰ প্ৰায় আঢ়ৈ লাখ টকাৰ ধাৰ আছে। সেয়া কেতিয়া পৰিশোধ কৰিব পাৰিম নাজানো। কিন্তু জীৱনৰ ভাল সময়খিনি হেৰুওৱাৰ বাবে দুখ লাগে। বুকুৰ বিষটো কমাবলৈ কেতিয়াবা পুৰণি ঘৰখন চাবলৈ যাও।''
একেটা গোচৰত দোষমুক্ত হ’ল তাজ মহম্মদ পাঠানো
সৰুৰে পৰাই গেৰেজত মেকানিকৰ কাম কৰিছিল তাজ মহম্মদ পাঠানে। চাৰিগৰাকী কন্যা আৰু এজন পুত্ৰ আৰু পত্নীৰ সৈতে তেওঁৰ আছিল সুখৰ সংসাৰ। তাজক সহায় কৰিবলৈ পত্নীয়েও বিক্ৰী কৰিছিল ব্লিচিং পাউডাৰ। কিন্তু সেই সুখৰ সংসাৰত ধুমুহা ববলৈ আৰম্ভ কৰে ২০০২ৰ ৮ মে’ৰ পিছৰ পৰা। সিদিনা ঘৰত শুই থকা সময়তে আৰক্ষীয়ে আহি উঠাই লৈ গৈছিল তাজ মহম্মদক। কোৱা হৈছিল- তেওঁ হেনো জড়িত আছে বোমা নিৰ্মানৰ কামত। ঘৰৰ পৰাও উদ্ধাৰ হৈছে হেনো বোমা নিৰ্মাণত ব্যৱহৃত সামগ্ৰী।
তাজ মহম্মদক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পিছতে তেওঁ হৃদৰোগত আক্ৰান্ত হয়। পিছত তেওঁ জামিনত মুকলি হৈ অহাৰ পিছতো দীৰ্ঘসময়ধৰি শাৰীৰিক অসুস্থতাত ভুগি থাকি অৱশেষত চাৰি বছৰ পূৰ্বে মৃত্যুক সাৱটি লয় তাজ মহম্মদে।
তাজ মহম্মদৰ পত্নী ধাৰানা মহম্মদ
তাজ মহম্মদৰ পত্নী ধাৰানা মহম্মদে কয়, "মোৰ স্বামী নিৰ্দোষী আছিল আৰু শেষ উশাহলৈকে তেওঁ দেশপ্ৰেমিক বুলি কৈছিল। তেওঁ বাৰে বাৰে কৈছিল যে তেওঁ বোমা বনোৱাৰ সৈতে কোনো ধৰণে জড়িত নহয়। কিন্তু তেওঁৰ কথা কোনেও নুশুনিলে। আৰু নিজৰ ওপৰত সন্ত্ৰাসবাদীৰ কালিমা লৈয়েই তেওঁ ইহ সংসাৰৰ পৰা গুছি গ’ল। এতিয়া তেওঁৰ মৃত্যুৰ পিছত তেওঁক দোষমুক্ত ঘোষণা কৰা হৈছে।“
ধাৰণাই কয়, “সেই সময়ত মোৰ ল’ৰা-ছোৱালীকেইটা সৰু হৈ আছিল, হঠাতে অহা পুলিচক দেখি সিঁহতে বৰ ভয় খাইছিল। আমাৰ ঘৰলৈ পুলিচ অহাৰ সময়ত মই লিকুইড ফৰ্মত বিক্ৰী কৰিবলৈ থোৱা ব্লিচিং পাউডাৰ ঘৰৰ বাহিৰত পৰি আছিল। সেই সময়ত ঘৰত গেছ নথকাৰ বাবে কাঠ আৰু কয়লা ভাত বনাবলৈ আনি থোৱা আছিল। আমাৰ কাষৰ ঘৰটোত থকা শ্বেহজাদ শ্বেইখৰ চোতালতো কাঠ আৰু কয়লা জমা কৰি থোৱা আছিল। গতিকে আৰক্ষীয়ে তেওঁকো ধৰি লৈ যায়।"
‘মোৰ স্বামীয়ে সুখেৰে মৰিবলৈও নাপালে!’
ধৰাণা মহম্মদে পৰিয়ালটোৰ অসুবিধাৰ বিষয়ে কয়, "মোৰ স্বামীক পুলিচে ধৰি লৈ যোৱাৰ পিছত মই বিক্ৰী কৰি থকা ব্লিচিং ব্যৱসায়টোও বন্ধ কৰি দিয়া হয়। মই মানুহৰ ঘৰে ঘৰে ভিক্ষা মাগি আৰু সৰু সৰু চিলাইৰ কাম কৰি কোনোমতে পৰিয়ালটো চলাই আছিলো। যেতিয়া মোৰ স্বামীয়ে জামিনত ওলাই আহে, তাৰ পিছতো আমাৰ পৰিয়ালৰ দুৰ্যোগ আঁতৰা নাছিল। তেওঁক সন্ত্ৰাসবাদী সজাই সকলোৱে কাম দিবলৈ অস্বীকাৰ কৰিছিল। ইফালে হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে দিন মজুৰিও কৰিব নোৱাৰা হ’ল তেওঁ। লাহে লাহে ডাঙৰ হৈ অহা ছোৱালী কেইজনীক সোনকালেই বিয়া দি উলিয়াই দিলো। ল’ৰাটোৱেও পঢ়া-শুনা এৰি শ্ৰমিক হিচাপে কাম কৰিবলগীয়া হ’ল।”
তাজ মহম্মদৰ পত্নীয়ে কয়, “মোৰ স্বামীৰ হৃদৰোগ আছিল। হাওঁফাওঁত পানী জমা হৈছিল তেওঁৰ। ইয়াৰ বাবে বহু টকা চিকিত্সাৰ বাবদ খৰছ কৰিবলগীয়া হৈছিল। বহু দিন আমি লঘোনেই পাৰ কৰিবলগীয়া হৈছিল। ঈদৰ দিনা ল’ৰা-ছোৱালী কেইটাক নতুন কাপোৰ এটুকুৰা আনি দিয়াৰো সামৰ্থ নাছিল। আদালতৰ খৰছ, স্বামীৰ চিকিত্সাৰ বাবে মই মোৰ গহণা পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছিল।”
তেওঁ আকৌ কয়, “মোৰ স্বামীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বাবেই মোৰ ছোৱালীকেইজনীক বিয়া দিয়াটোও কঠিন হৈ পৰিছিল। মোৰ ল’ৰাটোৱে এতিয়া ভাল উপাৰ্জন কৰে গতিকে সিয়েই ঘৰখন চলায়। মৃত্যুৰ আগতে আদালতৰ ৰায় ঘোষণা হোৱ হলে তেওঁ আনন্দৰে চকু মুদিবলৈ পাৰিলেহেঁতেন। কিন্তু সেই সৌভাগ্যও তেওঁৰ নহ’ল।’’
তাজ মহম্মদৰ পুত্ৰ মাজাৰ খানে কয়, “যদি মোৰ দেউতাকৰ ওপৰত বোমা নিৰ্মাণৰ মিছা অভিযোগ উত্থাপন নহ’লহেঁতেন তেন্তে মই পঢ়িব পাৰিলোহেঁতেন। মোৰ শৈশৱ ভোক আৰু অসহায় অৱস্থাত পাৰ নহ’লহেঁতেন। ২১ বছৰৰ পাছত আজি আমাক নিৰ্দোষী ঘোষণা কৰিলে কি লাভ? দেউতাই গোটেই জীৱন অপৰাধী হোৱাৰ বোজা কঢ়িয়াই লৈ ফুৰিছিল। আজি মই এটা পৰিবহণ কোম্পানীত কাম কৰো। কিন্তু পঢ়া- শুনা ভালকৈ কৰিবলৈ পোৱা হ’লে ভাল চাকৰি এটা পালোহেঁতেন আৰু ইমান জৰাজীৰ্ণ ঘৰত থাকিব নালাগিলহেঁতেন।”
আনহাতে আদালতৰ পৰা দোষমুক্ত ঘোষণা হোৱা হাইদৰ খান পাঠানে এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ অস্বীকাৰ কৰি কয় যে চৰকাৰে উচ্চ ন্যায়ালয়লৈ গ’লে বিপদত পৰিব বুলি ভয় কৰে। ইফালে আন দুজন অভিযুক্ত আশ্ৰাফ মাকৰাণী আৰু শ্বেহজাদ শ্বেখৰ পৰিয়ালেও অতীতৰ সেই ভয়াবহ দিনবোৰ পুনৰ এবাৰ মনত পেলাবলৈ অস্বস্তিবোধ কৰে।
তাজ মহম্মদৰ পুত্ৰ মাজাৰ খান
এই ছয়জন অভিযুক্তৰ গোচৰৰ বিৰুদ্ধে যুঁজ দিয়া অধিবক্তা ওছমানাগী মনছুৰীয়ে বিবিচি গুজৰাটীৰ আগত প্ৰকাশ কৰা মতে, আৰক্ষীয়ে যিটো বোমা নিৰ্মাণত ব্যৱহৃত জ্বলনশীল পদাৰ্থ বুলি দাবী কৰিছিল, সেয়া প্ৰকৃততে ব্লিচিং পাউদাৰৰ পৰা তৈয়াৰী তৰল পদাৰ্থহে আছিল বুলি ফৰেনছিক প্ৰতিবেদনত নিশ্চিত হৈছিল। একে সময়তে কাৰ চাৰি লিটাৰ পেট্ৰ’ল উদ্ধাৰ হ’ল সেয়াও প্রমাণ কৰিব নোৱাৰিলে আৰক্ষীয়ে৷ সেয়েহে এই ছয়জন লোকক দোষমুক্ত কৰা হৈছে। এই গোচৰত ২১ বছৰত ৯ জন ন্যায়াধীশ সলনি কৰা হৈছিল, গতিকে সিদ্ধান্ত আহিবলৈ বহু সময় লাগিল বুলিও মন্তব্য কৰে অধিবক্তাগৰাকীয়ে।
এই গোচৰৰ আটাইকেইজন অভিযুক্তক দোষমুক্ত কৰা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বিপিন কুমাৰ বংশালে কয়, “বিস্ফোৰক সামগ্ৰী লাভৰ তথ্যৰ ভিত্তিত এই ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অপৰাধত তেওঁলোকে কি ভূমিকা পালন কৰিছিল সেয়া স্পষ্ট হোৱা নাই, গতিকে সকলোকে দোষমুক্ত কৰা হৈছে।”