• সোমবাৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব মহানগৰীৰ কণ্টেইনমেণ্ট জোন 
  • মহানগৰীত বৃদ্ধি  হ’ব দুখন শ্মশান 

 

গুৱাহাটীঃ আজি কোৰোনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপাযুক্তই এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে৷ এই সংবাদমেলত তেখেতে পূৰ্বতে কন্টেইমেন্ট জ’ন ঘোষণা কৰা মহানগৰীৰ তিনিটা ৱাৰ্ড ক্ৰমে ৮, ১৬ আৰু ২৮ ত কোভিড সংক্ৰমন কম হোৱাৰ পৰিপ্ৰেক্ষিতত অহাকালি ১৭ মেৰ পৰা কাৰ্যকৰি হোৱাকৈ কণ্টেইনমেণ্ট জোন প্ৰত্যাহাৰ কৰা হয়৷ 

অহা সোমবাৰৰ পুৱা ৫ বজাৰ পৰা প্ৰত্যাহাৰ হ’ব এই ৱাৰ্ডসনুহৰ কন্টেইমেন্ট জ’ন। কোনো লোকৰ স্বাস্থ্য বেয়া লাগিলে অচিৰেই কোভিড টেষ্ট কৰাৰ পৰামৰ্শ আগবঢ়ায়ছে উপায়ুক্ত গৰাকীয়ে। এতিয়াৰে পৰা জিলা প্ৰশাসনে মাইক্ৰ কন্টেইমেন্টজ’নত অধিক গুৰুত্ব দিব বুলিওঁ মত পোষণ কৰে উপায়ুক্ত পেগুয়ে ।

সংবাদ মেলখনত উপস্থিত আছি্ল আৰক্ষী আয়ুক্ত এম পি গুপ্তা। নতুন এছঅ’পি মানি চলিবলৈ আহ্বান জনায় আৰক্ষী আয়ুক্তই। বজাৰ কৰিবলৈ যাওতে অযথা ভিৰ নকৰিবলৈও আহ্বান জনোৱাৰ লগতে প্ৰয়োজন নহ’লে ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান মহানগৰ আৰক্ষীৰ৷ যুগ্ম-অযুগ্ম নম্বৰ নমনা সকলৰ পৰা ৮ লাখ ২৫ হেজাৰ টকা ৰ জৰিমনা সংগ্ৰহ কৰা হৈছে বুলিওঁ তেওঁ সদৰি কৰে৷ সান্ধ্য আইন নমনা সকলৰ পৰা জব্দ কৰা হৈছে ২৭৯ খন যানবাহন৷ মাস্ক নিপিন্ধা লোকক  জৰিমনা বিহি ৪৫ হেজাৰৰো অধিক টকা সংগ্ৰহ কৰা হৈছে৷ উপাযুক্ত গৰাকীয়ে আৰু স্বীকাৰ কৰে যে কোভিডত মহানগৰীত মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। সেইবাবে মহানগৰীত দুখন শ্মশান বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাওঁ ঘোষণা কৰে৷