গুৱাহাটীঃ বৃহস্পতিবাৰে ৰাজ্যৰ পাঁচ সমষ্টিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকা সময়তে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটীৰ লোকসভাৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থী সকলৰ ব্যাপক প্ৰচাৰ অভিযান।
আজি গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাৰ্থী গৰাকীয়ে বিজেপিক সমালোচনা কৰি কয় যে জনসাধাৰণক মূল ইচ্ছুৰপৰা বিজেপি দলে আঁতৰাই ৰাখিছে। সেয়েহে এতিয়া দলটোৱে নৃত্য-গীতেৰে চমক সৃষ্টি কৰিব বিচাৰিছে।