গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ প্ৰাক মুহূৰ্তত উজনি অসমৰ লগতে সমগ্ৰ গুৱাহাটী মহানগৰীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। আলফা স্বাধীনে মোদীৰ সভাত কূটাঘাত সংঘটিত কৰিবলৈ পৰিকল্পনা চলোৱাৰ খবৰ চোৰাংচোৱাৰ পৰা লাভ কৰাৰ পৰিপ্ৰেক্ষিততে আৰক্ষী-প্ৰশাসন এনেদৰে তৎপৰ হৈ পৰিছে বুলি জানিব পৰা গৈছে।
এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই সাংবাদিকৰ আগত কয়, 'ম্যানমাৰ সীমান্ত পৰা অালফা স্বাধীনৰ এটা দলে অসমত প্ৰৱেশ কৰাৰ খবৰ আমি লাভ কৰিছো। দলটোৰ নেতৃত্বত ম’ষ্ট ৱাণ্টেড পদুম ডেকা ওৰফে ৰণ অসম থকা বুলি সন্দেহ কৰা হৈছে।’’
♦ মোদীৰ আগমনৰ প্ৰাকমুহূৰ্তত উজনিত আলফা(স্বা)ৰ বিস্ফোৰণ
♦ ৰাজীৱ ভৱনত কংগ্ৰেছীৰ প্ৰতিবাদ, পুত্তলিকা দাহ
♦ কংগ্ৰেছৰ আঁচনিকে নিজৰ বুলি কৈছে মিছলীয়া মোদীয়েঃ গগৈ
♦ বৰ্ষপূৰ্তিত গুৰুত্বহীন মিত্ৰ দল অগপ, বি পি এফ
এনেদৰে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ মাজতে ডিব্ৰুগড় জিলাৰ ডিকমৰ পাইপ লাইনত সংঘটিত হয় এক বিস্ফোৰণ। প্ৰথম অৱস্থাত স্থানীয় আৰক্ষীয়ে সেয়া তেল পৰিবাহী পাইপত সংঘটিত স্বাভাৱিক বিস্ফোৰণ বুলি দাবী কৰি বিষয়টো এৰাই চলাৰ চেষ্টা চলাইছিল যদিও আলফা স্বাধীনে দায়িত্ব স্বীকাৰ কৰাত পৰিস্থিতি সলনি হৈ পৰে। এই বিস্ফোৰণৰ পিছতে অধিক তৎপৰ হৈ পৰে অসম আৰক্ষী।
উল্লেখ্য যে শুকুৰবাৰে ৯.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ দীৰ্ঘতম ঢলা-শদিয়া দলং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ঢলা-শদিয়া দলং উদ্বোধনৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে একেটা দিনতে চাংসাৰিত বিতৰ্কিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ আৰু ধেমাজিৰ গোগামুখত কৃষি গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধামন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোগামুখত উপস্থিত হৈ সমগ্ৰ ব্যৱস্থা পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঢলা-শদিয়াৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কেও বুজ লয়।
ঢলা-শদিয়াৰ দলং উদ্বোধন, এইমছ, কৃষি গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপনৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি প্ৰায় ৪.৩০ বজাত খানাপাৰাত কেন্দ্ৰত এন ডি এ চৰকাৰৰ তৃতীয় আৰু অসমত বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা সভাত দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত যাতে কোনো ধৰণৰ বিজুতি আৰু অঘটন সংঘটিত হ’ব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ আজি খানাপাৰাৰ সভাস্থলী পৰিদৰ্শন কৰে বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱ, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তথা সাংসদ ৰমেন ডেকাই। কাইলৈৰ এই অনুষ্ঠানৰ বাবে আজি নিশাই কেবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি শাসিত একাধিক ৰাজ্যৰ মুখ্যমন্ত্ৰী গুৱাহাটীত হ’ব বুলি জানিব পৰা গৈছে।
ইফালে বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে সমগ্ৰ মহানগৰী সজাই তোলা হৈছে বিজেপিৰ পতাকা আৰু মন্ত্ৰী-বিধায়কৰ ছবিৰে। কিন্তু মন্ত্ৰী-বিধায়কৰ ছবিসমূহৰ পৰা আশ্চৰ্যজনকভাৱে বাদ পৰি ৰৈছে মিত্ৰ দল অগপ আৰু বিপিএফৰ মন্ত্ৰীকেইজনৰ ছবি। একেদৰে মহানগৰীৰ কোনো স্থানতে দেখা পোৱা হোৱা নাই অগপ আৰু বিপিএফৰ পতাকা। এই লৈ ভিতৰি ভিতৰি অগপ দলৰ কেবাগৰাকী শীৰ্ষ নেতা ক্ষুব্ধ হৈ পৰা বুলিও জানিব পৰা গৈছে।
আনহাতে, বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত বিৰোধী কংগ্ৰেছে ৰাজ্যৰ ভিন্ন স্থানত মোদী-সৰ্বানন্দ গ’ বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। ঠায়ে ঠায়ে দাহ কৰে মোদী আৰু সৰ্বানন্দৰ পুত্তলিকা। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সমূহৰ এটাও এবছৰত সৰ্বা চৰকাৰে পূৰণ কৰিব নোৱাৰিলে বুলিও অভিযোগ উত্থাপন কৰে দলটোৱে। এই সন্দৰ্ভত বৰপেটাত আয়োজিত এক অনুষ্ঠানত ভাগ লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সৰ্বানন্দ নেতৃত্বাধীন চৰকাৰখন আৰম্ভণিতেই ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি কয় যে এবছৰতে বিজেপিৰ প্ৰতি মানুহৰ মোহভংগ ঘটিছে। কংগ্ৰেছৰ দিনৰ আঁচনিকে মোদীয়ে উদ্বোধন কৰিব বুলিও বিজেপিক কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।