গুৱাহাটীঃ নতুন ৰূপ পাব গুৱাহাটী মহানগৰীয়ে। আন্তঃগাথনিৰ পৰিৱৰ্তন হওঁক বা নহওক মহানগৰীৰ পৰিৱৰ্তন কিন্তু অৱশ্যম্ভাৱী। কিয়নো এই পৰিৱৰ্তন কামৰ নহয়, এই পৰিৱৰ্তন হৈছে নামৰ। 

গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদ মেলযোগে মহানগৰীৰ ১০ টাকৈ পথৰ নতুন নামাকৰণ কৰাৰ পিছতে এক ধৰণৰ পৰিৱৰ্তন যে দেখা যাব সেয়া স্পষ্ট হৈ পৰিছে।

সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে নতুনকৈ নামাকৰণ কৰা পথ কেইটা হৈছে জি এছ ৰোড, ছয়মাইল নাৰেংগী পথ, এ. টি. ৰোড, হাতীগাঁও পথ, খাৰঘূলি-নুনমাটি পথ, হেঙেৰাবাৰী-ভি আই পি পথ, সিজুবাৰী পথ, বেলতলা-খানাপাৰা পথ, গুৱাহাটী ক্লাৱ গোল চ’ক আৰু কাহিলীপাৰা পথ।

এই অনুযায়ী অতি ব্যস্ত জি এছ ৰোডক নামাকৰণ কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে। অৰ্থাৎ এতিয়াৰে পৰা গুৱাহাটী-শ্বিলং পথটোক জনা যাব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথ নামেৰে। একেদৰে মহাপুৰুষ মাধৱদেৱৰ নামেৰে নামাকৰণ কৰা হৈছে ছয়মাইল-নাৰেংগী পথটোক। মহাপুৰুষ হৰিদেৱৰ নামেৰে নামাকৰণ কৰা হৈছে হাতীগাঁও পথটোক।

সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু গণশিল্পী খগেন মহন্তৰ নামটো উৎসৰ্গা কৰা হৈছে দুটাকৈ পথ। এই পথ দুটা হৈছে খাৰঘূলি-নুনমাটি পথ আৰু হেঙেৰাবাৰী-ভি আই পি পথ। এতিয়াৰে পৰা খাৰঘূলি-নুনমাটি পথটোক ভূপেন হাজৰিকা পথ আৰু হেঙেৰাবাৰী-ভি আই পি পথটোক খগেন মহন্ত পথ নামেৰে জনা যাব।

চাওল্যুং চুকাফা আৰু আজান ফকীৰৰ নামটো দুটা গুৰুত্বপূৰ্ণ পথৰ নামাকৰণ কৰা হৈছে। সংবাদ মেলত ঘোষণা কৰা মতে সিজুবাৰী পথটোৰ এতিয়াৰে পৰা নতুন নাম হ’ব চাওল্যুং চুকাফা পথ আৰু বেলতলা-খানাপাৰা পথটো হ’ব আজান-ফকীৰ পথ।

আনহাতে কাহিলীপাৰা পথটোৰ নতুন নাম ৰখা হৈছে দীনদয়াল উপাধ্যয় পথ। গুৱাহাটী ক্লাৱৰ গোল চ’কৰ নামটোও সলনি কৰা হৈছে। গোল চ’কটোৰ নাম ৰখা হৈছে লক্ষ্মীনাথ বেজবৰুৱা চ’ক। উল্লেখ্য যে এই গোল চ’কটোতে কিছুদিন পূৰ্বে স্থাপন কৰা হৈছিল সাহিত্যৰথীগৰাকীৰ এটি ব্ৰঞ্জৰ সম্পূৰ্ণ প্ৰতিমূৰ্তি।

সংবাদ মেলত নতুন নামাকৰণতকৈ পথসমূহৰ জৰাজীৰ্ণ অৱস্থাৰ উন্নয়ন অধিক প্ৰয়োজনীয় আছিল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হিমন্তই কয় যে আজিৰ দিনটোত সেই প্ৰশ্ন অপ্ৰাসংগিক। "এয়া হৈছে এটা বিশেষ দিন। গুৱাহাটীত মহাপুৰুষ শংকৰদেৱৰ নামেৰে পথৰ নামাকৰণ কৰা হৈছে, ভূপেন হাজৰিকাৰ নামেৰে পথৰ নাম হৈছে। গতিকে এয়া ভালহে পাব লাগে। বাকী উন্নয়ন সময়ত হৈ থাকিব।"-সাংবাদিকৰ প্ৰশ্নৰ এইদৰে প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীৰ উক্ত মন্তব্যক একপ্ৰকাৰ সত্য প্ৰমাণিত কৰি পথসমূহৰ নতুন নামাকৰণক অধিকাংশই আদৰণি জনোৱা পৰিলক্ষিত হৈছে। নতুন নামাকৰণক আদৰণি জনাই একাংশই আকৌ এই নতুন নামৰ সংক্ষিপ্ত নাম বা শ্বৰ্ট ফৰ্মবোৰ ক’বলৈ আৰু শুনিবলৈ কেনে হ’ব সেই লৈ গুণা-গথা আৰম্ভ কৰিছে। 

"শ্বৰ্ট ফৰ্মবোৰ কেনেকুৱা হ’ব তাকে ভাবিছো। কৈ নিশ্চয় ভালেই লাগিব। দীঘল নামবোৰনো কেনেকৈ কৈ থাকিম। আগতেও দীঘল নামবোৰ শ্বৰ্ট কৰিয়েই কৈছিলো। যেনে ধৰক মণিৰাম দেৱান পথ। এই পথটোৰ সম্পূৰ্ণ নামটোনো কিমানজনে জানে? সকলোৱে এম আৰ ডি ৰোড বুলিয়েই কয় আৰু লিখে। জি এছ ৰোডৰো একেই কথা।"-হিমন্তৰ নতুন ঘোষণাক আদৰণি জনাই হাঁহি হাঁহি এইদৰে কয় এজন যুৱকে।